ৰাজৰ্ষি চহৰীয়া
তেওঁ কেতিয়াও সংগীবিহীন নাছিল। এই বিশাল পৃথিৱীত তেওঁ আমাৰ বাবে ভোটাতৰা আছিল। আজি পুৱাই চিকিৎসালয়ৰ পৰা অহা এটা বাতৰিয়ে হঠাৎ বুকুখন মোচাৰি গৈছিল আমাৰ। কিছু ক্ষোভ, কিছু বেজাৰ আৰু মানুহৰ এসাগৰ ভালপোৱা লৈ তেওঁ গ’লগৈ।
উৰণীয়া মনৰ মানুহজন আজি আৰু আমাৰ মাজত নাই। ইষ্টম’জ’ পৰিয়ালৰ তৰফৰ পৰা অসমৰ মহাতাৰকাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ।৮০ বছৰ বয়সত আজি পুৱা প্ৰায় চাৰে ন বজাত ইহঃসংসাৰ ত্যাগ কৰে তেখেতে।
ড. ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনাও অসমৰ প্ৰায় প্ৰতিটো পৰিয়ালতে গোমা পৰিৱেশে বিৰাজ কৰিছিল। আজিও কৰিছে। মোৰ ঘৰতো একেই পৰিৱেশ। আই-পিতাইৰ মুখত সেই মহাতাৰকাৰ ইটো কথা সিটো কথা। ইখন চিনেমা, সিখন চিনেমা। কেনেকৈ যে এটা প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল এই মহাতাৰকাই। কি দিয়া নাছিল অসমীয়া ছবি উদ্যোগক? কি কৰা নাছিল এই ছবি জগতখনক আগুৱাই নিয়াৰ বাবে।
অথচ আমি কি কৰিলো তেওঁৰ বাবে? জীৱিত কালতে তেওঁৰ চকুৰ সমূখত তুলি দিলো তেওঁৰ মৃত্যুৰ খবৰ। জীৱিত কালতে তেওঁৰ মৃত্যুৰ খবৰেৰে ক্ষোভ দিলো তেওঁর পৰিয়ালক, বেজাৰ দিলো। কিয়নো আমাক লাগিছিল ব্ৰেকিং নিউজৰ টিআৰপি। চিনেমাপ্ৰেমী, চেনেল, সংবাদ গোষ্ঠীক সদায়েই কিবা এটা দি অহা মানুহজনে জীৱিত কালতে নিজৰেই মৃত্যুৰ খবৰেৰে হয়তো আকৌ এবাৰ কিবা এটাকে দি থৈ গ’ল। আমিনো কি দিলো, দিলো মাথো, অলপ ক্ষোভ, অলপ বেজাৰ।

নেমকেয়াৰ ভৰ্তি কৰা হৈছিল নিপন গোস্বামীক
কিছুদিন পূৰ্বে অসুস্থ হৈ পৰা নিপন গোস্বামীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ কাৰ্ডিঅ’লজী বিভাগৰ আই চি ইউত। আৰু আজি পুৱা প্ৰায় ৯.১৫ বজাত ৮০ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
কিন্তু হাস্পতালত তেওঁক ভৰ্তি কৰাৰ পাছত একাংশ সংবাদ মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ হৈছিল যে – নিপন গোস্বামীৰ দেহাৱসান, নিপন গোস্বামী আৰু আমাৰ সৈতে নাই। মাথো এদিন পিছতেই যেন সেইবোৰকেই সত্য প্ৰমাণিত কৰি এসাগৰ অভিমানেৰে তেওঁ আঁতৰি গ’ল। নিপন গোস্বামী গুচি গ’ল।
সৰুৰে পৰা অভিনয় ভাল পোৱা মানুহজনে অভিনয়েৰে দৰ্শকক হঁহুৱাই, কন্দুৱাই, প্ৰেম দি, ৰং দি আজি সমগ্ৰ অসমবাসীক কন্দুৱাই থৈ গুচি গ’ল।

সাংস্কৃতিক জগতখন পাইছিল সৰুৰে পৰা
সৰুৰে পৰা এটি শিশুৱে যি দেখে বা শুনে তাৰ প্ৰতিয়েই আগ্ৰহী বা আকৰ্ষিত হৈ পৰে। আৰু অভিনয় জগতখনৰ সৈতে নিপন গোস্বামী শৈশৱৰ পৰাই জড়িত হৈ পৰিছিল। তেজপুৰৰ কলিবাৰীত ১৯৪৭চনত জন্ম লাভ কৰা গোস্বামীৰ পিতৃৰ নাম চন্দ্ৰধৰ গোস্বামী আৰু মাতৃ নিৰূপমা গোস্বামী।
তেওঁৰ পিতৃ আছিল এগৰাকী বিখ্যাত অভিনেতা আৰু মাতৃয়ে কৰিছিল সংগীত চৰ্চা। কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ আদিপাঠ আৰম্ভ কৰিছিল। তেওঁলোকৰ ওচৰৰ চুবুৰীয়া আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। বাণ ৰংগমঞ্চত নিয়মিতভাৱে চলা নাটক চায়েই অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল তেওঁ।

নিপন গোস্বামীৰ অভিনয়ৰ যাত্ৰা
নিপন গোস্বামী আছিল ভাৰতীয় প্ৰতিষ্ঠিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফটিআইআই)ৰ প্ৰাক্তন ছাত্ৰ। তেওঁ সুভাষ ঘাই, নবীন নিচোল আৰু শত্ৰুঘ্ন সিনহাৰ দৰে শক্তিশালী ব্যক্তিৰ সৈতেও অভিনয় কৰিছিল ৷ বলিউডৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু অভিনেতা ডেনী, অভিনেত্ৰী জয়া ভাদুৰী আছিল তেখেতৰ কনিষ্ঠ।
নিপন গোস্বামীয়ে ১৯৫৭ চনতেই ফণী শৰ্মাৰ পৰিচালনা কৰা পিয়লি ফুকন ছবিখনত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল ৷ নিপন গোস্বামীৰ পিতৃ চন্দ্ৰধৰ গোস্বামী এজন বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামী এগৰাকী কণ্ঠশিল্পী আছিল। তদুপৰি তেওঁ ৮-৯ বছৰ বয়সতে লাচিত বৰফুকন শীৰ্ষক নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ সৈতে অভিনয় কৰিছিল।
পুনে ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই গোস্বামীয়ে অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পাইছিল। ‘সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ডাক্তৰ বেজবৰুৱা শীৰ্ষক ছবিখনত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে । তাৰপাছত ১৯৮১ চনৰ আজলী নবৌৰ পাছৰে পৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।

অভিনয়ৰ লগতে তেওঁ আছিল এগৰাকী পৰিচালক
তেওঁ অভিনয়ৰ লগতে নাটক পৰিচালনাও কৰিছিল। এমেচাৰ আৰু ভ্ৰাম্যমাণ দুয়োবিধ নাটকেই নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। লগতে টেলিফিল্মো পৰিচালনা কৰিছে তেওঁ। মুনিন বৰুৱাৰ লগত যৌথ ভাৱে তেখেতে পৰিচালনা কৰিছিল ‘প্ৰতিমা’ নামৰ বোলছবিখন।
২০২১চনত আৱাহন থিয়েটাৰৰ তৰফৰ পৰা ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত নিপন গোস্বামীয়ে অসমীয়া আৰু হিন্দী ভাষাৰ ছবিৰ লগতে বাংলা ভাষাৰ ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা ছবিৰ তালিকা বহু দীঘলীয়া। তেখেতে অভিনয় কৰা হিন্দী আৰু বাংলা ভাষাৰ ছবি কেইখন ক্ৰমে- দো অনজানেস জগ্গু, মৌকা, বিৰোধী, দো ভাই, কালসন্ধ্যা, তুষাৰতীৰ্থ অমৰনাথ, মৌ শেৰ, দেবাঞ্জলী আৰু দুৰন্ত চৰাই। মহীৰূহৰ আত্মাই চিৰশান্তি লাভ কৰক। আমাৰ মৰমৰ নিপন গোস্বামীৰ সৰগত বাহ হওক।