এমবাপ্পেৰ গতি আৰু গ’ল সকলোতে চৰ্চিত ৷ কিন্তু এমবাপ্পেই ফ্ৰান্সক দিয়া সৃষ্টিশীলতা সিমান চৰ্চিত নহয় ৷ কালি নিশা পোলেণ্ডৰ বিৰুদ্ধে ৰাউণ্ড অব্‌ ছিক্সটিনৰ মেচখনত ফ্ৰান্সে দিয়া প্ৰথম গ’লটো এমবাপ্পেৰ প্ৰতিভাৰ বৈচিত্ৰ প্ৰমাণ কৰে ৷ যিসকলে কেৱল গ’লেৰে ফৰৱাৰ্ডক জোখে, তেওঁলোকে মন কৰা উচিত যে এজন মহান ফৰৱাৰ্ডে সদায়েই গ’লতকৈ বেছি অৰ্থৱহ ভূমিকা লয় ৷ গ’লমেচিন এমবাপ্পেৰ গ’ল সজাই দিয়াৰ দক্ষতা বোধকৰোঁ কালি তেওঁলোকৰ চকুতো পৰিছে ৷ 

৪৪ মিনিটত এফচি বাৰ্চিলোনাৰ জুল কুণ্ডেৰপৰা পোৱা এটা পাছ এমবাপ্পেই পোলিশ্ব ৰক্ষণত সুৰুঙা উলিয়াই ডিফেণ্ডাৰক নিজৰ ফালে আনি বক্সলৈ অগ্ৰগামী ষ্ট্ৰাইকাৰ অলিভিয়েৰ জিৰুলৈ এৰি দিছিল আৰু জিৰুৱে সামান্য মুভমেন্টেৰে ঠাই উলিয়াই বলটো নেটলৈ ঠেলি দিছিল ৷ এই প্ৰথম গ’লটোৰ আগলৈকে কিন্তু ফ্ৰান্সৰ আৰম্ভণি ভাল নাছিল ৷ ডিডিয়ে ডেছাম্পৰ ফৰ্মেচন আছিল ৪-২-৩-১ ৷ 

উদ্দেশ্য আছিল দুয়ো দিশৰ উইঙৰ গতি ব্যৱহাৰ কৰা ৷ এফালে বাৰ্চিলোনাৰ ওছমান ডেম্বেলে আৰু এফালে পিএছজিৰ এমবাপ্পে ৷ দুয়ো নিজৰ নিজৰ ফালৰ ফুলবেকদ্বয় কুণ্ডে আৰু থিঅ’ হাৰ্ণাণ্ডেজৰ লগত বুজাপৰাৰে পোলিশ্ব ৰক্ষণৰ সুৰুঙা উলিওৱাৰ দায়িত্বত আছিল ৷ 

ইজনে সিজনক অ’ভাৰলেপ কৰিব আৰু পোলিশ্ব ডিফেণ্ডাৰক নিজৰ ফালে টানি বক্সৰ সন্মুখত মাজত মুক্ত ভূমিকাত থকা এটলেটিকো মাদ্ৰিদৰ অন্টোৱান গ্ৰীজমেনৰ বাবে ঠাই উলিয়াব ৷ একেবাৰে আগত জিৰুক স্ক’ৰ কৰাৰ সুযোগ দিব ৷ কিন্তু পাতনিতে বল দখলত ৰখাৰ পাছত হঠাতে ফ্ৰান্সৰ ছন্দপতন হয় ৷ কিয়নো উইং শক্তিশালী হ’লেও ফ্ৰান্সৰ মধ্যভাগত বল হ’ল্ড কৰি ৰক্ষণ আৰু আক্ৰমণৰ মাজত সামঞ্জস্য ৰক্ষা কৰা মৌলিক খেলুৱৈৰ অভাৱ ৷ 

এড্ৰিয়া ৰাবিঅ’ৱে এই ভূমিকা লৈ আহিছে যদিও পোলেণ্ডে মধ্যভাগত প্ৰভাৱ বিস্তাৰ কৰি আক্ৰমণ তীব্ৰ কৰিবলৈ ধৰে ৷ ৩৮ মিনিটত সেই চাপৰ ফলতে জিলেনস্কী আৰু কামিনস্কীৰ তিনিটা নিশ্চিত গ’লমুখী শ্বট গ’লকীপাৰ হুগো লৰিছ, হাৰ্ণাণ্ডেজ আৰু ৰাফেল ভাৰানে সৰ্বস্ব উজাৰি দি ৰক্ষা কৰিব লগা হয়। যদিহে সেই গ’ল স্ক’ৰ হ’ল হয় হয়তো মেচৰ ফলাফলেই বেলেগ হ’ল হয় । 

দ্বিতীয়াৰ্ধত এমবাপ্পে আৰু ডেম্বেলেই উইঙৰ পৰা অধিক ভিতৰলৈ সোমাই আহি খেলিবলৈ আৰম্ভ কৰে আৰু ফ্ৰান্সে পুনৰ খেল দমন কৰিবলৈ আৰম্ভ কৰে ৷ তাৰেই ফলশ্ৰুতিত ৭৪ মিনিটত ফ্ৰান্সে নিজৰ অগ্ৰগতি বৃদ্ধি কৰে ৷ এটা প্ৰত্যাক্ৰমণত জিৰুৱে ডেম্বেলেক এটা পাছ উলিয়াই দিয়ে আৰু ডেম্বেলেই সোঁ উইঙৰ পৰা সোমাই এমবাপ্পেক বিপজ্জনক স্থানত বলটো এৰি দিয়ে ৷ 

এমবাপ্পেই অকণো ভুল নকৰি সোঁভৰিৰে গ’ল বাঁওদিশে টপ কৰ্ণাৰলৈ কোবাল শ্বট লয় আৰু প্ৰতিযোগিতাৰ চতুৰ্থটো গ’ল স্ক’ৰ কৰে ৷ এমবাপ্পেই তাতেই শেষ কৰা নাছিল । ইনজুৰী টাইমত পৰিৱৰ্ত ফৰৱাৰ্ড মাৰ্কাছ থুৰামে এইবাৰ এমবাপ্পেক পাছ এৰি দিয়ে আৰু পুনৰ তেওঁ সোঁভৰিৰে কোবাল শ্বট লয় । এমবাপ্পেৰ বাবে প্ৰতিযোগিতাৰ পঞ্চম আৰু দুখন বিশ্বকাপত নৱমটো গ’লত পৰিণত হয় গ’লপোষ্টৰ সোঁদিশে টপ কৰ্ণাৰলৈ মৰা এই শ্বট ৷ তাৰ পাছত পোলেণ্ডে ৰবাৰ্ট লেৱানডস্কিৰ পেনাল্টীৰে এটা পৰিশোধ কৰিলেও সেয়া আছিল সান্ত্বনাহে ৷

পূৰ্বানুমান: কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড হ’ব ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বী ৷ দুয়োটা দলে এই প্ৰথমবাৰলৈ চলিত বিশ্বকাপত সমশক্তিৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব ৷ প্ৰতিভাৰ ভিৰ লাগিব এই মেচত ৷ বহুকেইখন দ্বৈত যুঁজ ইয়াত চলিব ৷ ফ্ৰান্সৰ ফৰৱাৰ্ড লাইনআপ বনাম ইংলেণ্ডৰ মিডফিল্ডৰ যুঁজ হ’ব পাৰে নিৰ্ণায়ক ৷ আমাৰ বোধেৰে এমবাপ্পেক আঘাতৰ পাছত দললৈ অহা ইংলিছ ৰাইটবেক কাইল ৱাকাৰে কিমান বাধা দি ৰাখিব পাৰিব তাতেই নিৰ্ভৰ কৰিব ইংলেণ্ডৰ সফলত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply