ফৰ্ম অস্থায়ী ৷ কিন্তু প্ৰতিভা স্থায়ী ৷ তাৰ উৎকৃষ্ট উদাহৰণ ছ’ন হুং-মিনতকৈ কোন হ’ব পাৰে! প্ৰতিভাক মাত্ৰ এটা মুহূৰ্তৰ প্ৰয়োজন সকলো ওলটপালট কৰি দিবলৈ । কালি নিশা দক্ষিণ কোৰিয়াৰ বিদায় বেলা আগুৱাই আহিছিল ৷ তিল তিলকৈ গঢ় দিয়া সপোনক চাৰি বছৰৰ বাবে আকৌ শুৱাই থোৱাৰ সময় সমাগত আছিল ৷ কিন্তু সময়ে যেন হঠাতে গতি সলাইছিল ৷ তেতিয়া ইনজুৰী টাইম আৰম্ভ হৈ গৈছে ৷

পইণ্ট টেব্‌লত দক্ষিণ কোৰিয়া তেতিয়া চতুৰ্থ ৷ বিদায় আসন্ন ৷ পৰ্তুগালৰ কৰ্ণাৰ হেডেৰে ক্লীয়েৰ কৰা হৈছিল ৷ ক্লীয়েৰেন্স তেওঁৰ ফালেই আহিব বুলি সাজু হৈ আছিল ছ’ন ৷ আশা কৰা ধৰণেই ছ’নৰ ভৰিত পৰিল বল ৷ নিজৰ হাফৰ সোঁদিশে বল লৈ ছ’ন তীব্ৰ গতিৰে আগবাঢ়িল পৰ্তুগালৰ গ’ল অভিমুখে ৷ পিছে পিছে পৰ্তুগালৰ তিনিজন ডিফেণ্ডাৰ ৷

খৰধৰ নকৰি স্কীল আৰু ভিজনৰ অনন্য নিদৰ্শনেৰে ছ’নে পৰ্তুগীজ ডিফেণ্ডাৰ ডিয়েগো ডালটৰ ভৰিৰ মাজেৰে বলটো সঠিক ওজন আৰু সঠিক সময়ত এৰি দিলে বক্সৰ ভিতৰলৈ ৷ তেতিয়ালৈ বক্সৰ ভিতৰত সোমাই পৰিছিল সতীৰ্থ হী চেন ৷ তাৰ পাছৰখিনি ইতিহাস ৷ বিশ্বকাপৰ বুৰঞ্জীত এক অনবদ্য বিজয়ৰ স্বাদ লৈ দক্ষিণ কোৰিয়া বীৰদৰ্পে নক্‌আউটত সোমাল ৷ ফৰ্মহীনতা আৰু আঘাতে নিষ্প্ৰভ কৰি ৰখা ছ’নৰ যেন পুনৰজনম হ’ল ।

আকৌ জী উঠিল দক্ষিণ কোৰিয়ান স্বপ্ন । খেলৰ শেষত ছ’নৰ আনন্দ অশ্ৰু তাৰ প্ৰমাণ । কালি কিন্তু দক্ষিণ কোৰিয়াৰ আৰম্ভণি মুঠেও আশাপ্ৰদ নাছিল ৷ মাত্ৰ ৫ মিনিটতে পৰ্তুগালে এটা তীব্ৰ প্ৰত্যাক্ৰমণত অগ্ৰগতি লৈছিল ৷ অথচ পৰাজয় বা ড্ৰৰ বিকল্পই নাছিল কোৰিয়াৰ বাবে ৷ দক্ষিণ কোৰিয়াৰ পৰ্তুগীজ প্ৰশিক্ষক পাউলো বেন্ট’ ৰঙাকাৰ্ড পাই গেলেৰীত ৷ দলে খেলিছিল ৪-৩-৩ ফৰ্মেচনত ৷ পৰ্তুগালেও ৷ দুয়ো দলৰে মনোযোগ আছিল আক্ৰমণত ৷

কিন্তু খেল দমন কৰি ৰাখিছিল পৰ্তুগালে ৷ বিশেষকৈ ভিটিনহা, নেভেছ আৰু নুনেছৰ মিডফিল্ডে পজেছন লৈ সোঁদিশে ৰিকাৰ্ডো হোৰ্টাক মুক্ত কৰি আক্ৰমণ অব্যাহত ৰাখিছিল । ক্ৰিষ্টিয়ানো ৰোণাল্ডো ব্যৰ্থ হ’লেও পৰ্তুগালে কেইবাবাৰো স্ক’ৰ কৰাৰ সুযোগ পাইছিল ৷ কিন্তু সম্পূৰ্ণ শৃংখলাবদ্ধতাৰে কোৰিয়াই ৰক্ষণ কৰি গৈছিল ৷ সময়ত কৰি গৈছিল প্ৰত্যাক্ৰমণ ৷ বিশেষকৈ আগৰ দুখন মেচত নিষ্প্ৰভ ছ’নে পৰ্তুগালৰ ৰক্ষণ ভেদ কৰিবলৈ সক্ষম হৈছিল ৷

কোৰিয়ান এক প্ৰত্যাক্ৰমণৰ বাবেই মুকলি হৈছিল সমতাসূচক গ’লটোৰ বাট ৷ ২৭ মিনিটত এটা কৰ্ণাৰ ক্লীয়েৰ কৰাত ৰোণাল্ডো ব্যৰ্থ হোৱাৰ পাছতে বল বক্সৰ ভিতৰত থকা কিম য়ং গ্যনে ঠেলি দিয়ে পৰ্তুগালৰ গ’ললৈ ৷ এই সমতাই দক্ষিণ কোৰিয়াক উদ্বুদ্ধ কৰি তোলে বহুমূলীয়া অগ্ৰগতিসূচক গ’লৰ বাবে ৷ আৰু সেই মনোবল, তাৰ লগত সঠিক ৰণনীতিয়ে দক্ষিণ কোৰিয়াৰ বাবে বিজয় আনি দিয়ে ৷

পূৰ্বানুমান: ৰাউণ্ড অব্‌ ছিক্সটিনত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী অন্যতম ফেভৰেট ব্ৰাজিল ৷ গ্ৰুপ মেচত কেমেৰুণে ব্ৰাজিলক পৰাস্ত কৰি বুজাই দিছে যে এই বিশ্বকাপত কোনো অপৰাজেয় নহয় ৷ বৰং সঠিক ৰণকৌশলেৰে দক্ষিণ কোৰিয়া বিশ্বকাপত আন এক চমক দিবলৈ সম্পূৰ্ণভাৱে সক্ষম ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply