নিউজ ডেস্কঃ অৱশেষত বলিউডৰ কিং খানে ফোন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। পাঠান ছবিখনক লৈ বজৰং দলে গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এল জি টাৱাৰৰ ছবিগৃহত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল।
এই ঘটনা সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাত পাঠান কি হয়, শ্বাহৰুখ খান কোন তেওঁ এই বিষয়ে নাজানে। লগতে তেওঁ কয় যে শ্বাহৰুখ খানে মোলৈ ফোন কৰা নাই।
এই মন্তব্য চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছত আজি পুৱতি নিশা প্ৰায় ২ বজাত শ্বাহৰুখ খানে ফোন কৰা কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি জনাই যে- Bollywood actor Shri @iamsrk called me and we talked today morning at 2 am. He expressed concern about an incident in Guwahati during screening of his film. I assured him that it’s duty of state govt to maintain law & order. We’ll enquire and ensure no such untoward incidents.