নিউজ ডেস্কঃ ২০১৬চনৰ ৮ নবেম্বৰত মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল এক ঐতিহাসিক ঘোষণা। সেয়া আছিল বিমুদ্ৰাকৰণৰ সিদ্ধান্ত।
বিমুদ্ৰাকৰণৰ পাছতে বিভিন্ন দল-সংগঠন তথা বহু লোকে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক ভুল বুলি উল্লেখ কৰিছিল। লগতে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে ৫৮খন আৱেদন দাখিল কৰিছিল।
উচ্চতম ন্যায়ালয়ে ৫৮খন আৱেদনক লৈ দীঘলীয়া শুনানি গ্ৰহণ কৰি অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰি কয় যে- বিমুদ্ৰাকৰণৰ প্ৰয়োজন আছিল। বিমুদ্ৰাকৰণৰ সিদ্ধান্তত কোনো ত্ৰুটি নাছিল। লগতে কয় যে- তথ্যসমূহ চালি-জাৰি চোৱাৰ পাছত আমি দেখিলো যে- এই বিমুদ্ৰাকৰণৰ সিদ্ধান্তটো কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ বাবেই ত্ৰুটিপূৰ্ণ বুলি ক’ব নোৱাৰি।
২০১৬চনত হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰে যে- দেশত ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোট বন্ধ কৰা হ’ব। ইয়াৰ পৰিৱৰ্তে নতুন ৫০০ আৰু ২০০০ টকীয়া নোটৰ প্ৰচলন চলিব ভাৰতত। এই সিদ্ধান্তৰ ফলত বেংক আৰু এটিএমত দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল দেশবাসীয়ে।