নিউজ ডেস্কঃ সমকামী বিবাহৰ বিচাৰধীন হৈ থকা সকলো গোচৰৰ আৱেদন উচ্চতম ন্যায়ালয়ে স্থানান্তৰ কৰি লয়। দিল্লী, গুজৰাট আৰু কেৰালা উচ্চ ন্যায়ালয়ত বিচাৰধীন হৈ থকা আৱেদনৰ শুনানি পৃথক পৃথক যাতে নহয় সেইবাবে সংবিধানৰ অনুচ্ছেদ ১৩৯ (এ) অধীনত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত লয়।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে নিৰ্দেশনা জাৰি কৰি উল্লেখ কৰে যে- উচ্চ ন্যায়ালয়ৰ সন্মুখত বিশেষ বিবাহ আইন, বিদেশী বিবাহ আইন আৰু হিন্দু বিবাহ আইনকে ধৰি বিভিন্ন আইনৰ অধীনত সমকামী বিবাহৰ বিভিন্ন আৱেদন বিচাৰাধীন হৈ আছে, যিবোৰত একে ধৰণৰ বিষয় জড়িত হৈ আছে আৰু সেইবাবেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আদালতে অধিবক্তা কানু আগৰৱালাক ইউনিয়ন অৱ ইণ্ডিয়া তৰফৰ পৰা নোডেল পৰামৰ্শদাতা হিচাপে আৰু আবেদনকাৰীসকলৰ বাবে অধিবক্তা অৰুন্ধতী কাটজুক নিযুক্তি দিয়ে।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ কোৱা হৈছে আৰু লগতে সকলোবোৰ আবেদনৰ প্ৰথম শুনানি ২০২৩ৰ ১৩ মাৰ্চত হ’ব বুলি বিচাৰপীঠসকলে জনায়।
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা জাৰি হোৱা পিছতেই ইউনাইটেড হিন্দু ফ্ৰণ্ট নামৰ এটা সংগঠনে উচ্চতম ন্যায়ালয়ৰ গেটৰ বাহিৰত প্ৰতিবাদ কৰে। সংগঠনটোৱে দাবী কৰিছে যে সমকামিতা ভাৰতীয় সংস্কৃতিৰ বিৰোধী আৰু উচ্চতম ন্যায়ালয়ে আবেদনবোৰ শুনিব নালাগে বুলি কয়।