নিউজ ডেস্কঃ টি-২০ বিশ্বকাপৰ দৌৰৰ পৰা আঁতৰিবলগীয়া হ’ল ভাৰত। আজিৰ ছেমি ফাইনেল মেচখনত ইংলেণ্ডৰ হাতত পৰাস্ত হয় ভাৰত।
ভাৰতে ২০ অভাৰত বান্ধি দিয়া ১৬৯ ৰানৰ টাৰ্গেটত ইংলেণ্ডৰ ক্ৰিকেট দলটো মাত্ৰ ১৬ অভাৰতে উপনীত হয়।
আজিৰ মেচখনত ভাৰতৰ খেলুৱৈসকলে বৰ বিশেষ ভাল খেল প্ৰদৰ্শন নকৰাৰ বিপৰীতে ইংলেণ্ডৰ খেলুৱৈসকলে ভাল খেল প্ৰদৰ্শন কৰিছে।
এটাও উইকেট নেহেৰুৱাকৈ ভাৰতে বান্ধি দিয়া টাৰ্গেটত উপনীত হয়। আজি মেচখনত ইংলেণ্ডৰ দুগৰাকী অপেনাৰ জছ বাটলাৰে ৮০ ৰান আৰু এলেক্স হেলছে ৮৬ ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে, টি২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড সমূখীন হ’ব পাকিস্তানৰ।