নিউজ ডেস্কঃ টি-২০ বিশ্বকাপত আজি ভাৰতৰ হাতত পৰাস্ত হয় নেডাৰলেণ্ড। মেচখনত আজি ভাৰতীয় ক্ৰিকেটাৰ সকলে অতি ভাল খেল প্ৰদৰ্শন কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰ মুঠ ১৭৯ ৰান সংগ্ৰহ কৰি নেডাৰলেণ্ডৰ সমূখত ১৮০ ৰানৰ টাৰ্গেট বান্ধি দিয়ে।

ভাৰতৰ হৈ প্ৰথমে ক্ৰীজত নামি ৰোহিত শৰ্মাই ৩৯ টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। অৱশ্যে আজিৰ মেচখনত কে এল ৰাহুলে ১২টা বলত মাত্ৰ ৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়।

ইয়াৰ পাছতে ক্ৰীজত নামি বিৰাট কোহলীয়ে ৪৪ টা বলত ৬২ ৰান আৰু সূৰ্যকুমাৰ যাদৱে ২৫টা বলতে ৫১ ৰান সংগ্ৰহ কৰে।

ইফালে, নেডাৰলেণ্ডে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১২৩ ৰানতে থমকি ৰ’ব লগীয়া হয়। নেডাৰলেণ্ডৰ বেটছমেন বিক্ৰমজিত সিঙে ১ ৰান, মেক্স অ’ডাউডে ১৬ ৰান, বাছ ডে লিডেয়ে ১৬ ৰান, কলিন একাৰমেনে ১৭ ৰান, ট’ম কূপাৰে ৯ ৰান, স্কট এডৱাৰ্ডে ৫ ৰান, টিম প্ৰিংলেয়ে ২০ ৰান, ল’গান ভান বীকে ৩ ৰান, শ্বাৰিজ আহমেদে ১৬ ৰান, ফ্ৰেড ক্লাছেনে শূন্য আৰু প’ল ভান মীকেৰেনে ১৬ ৰানহে সংগ্ৰহ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply