নিউজ ডেস্কঃ টি-২০ বিশ্বকাপৰ আজি ছেমি ফাইনেল মেচত পাকিস্তানৰ হাতত পৰাস্ত হ’ল নিউজিলেণ্ড। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫২ ৰান।

মেচখনত পাকিস্তানৰ বেটছমেনে বহু ভাল খেল প্ৰদৰ্শন কৰে। নিউজিলেণ্ডে বান্ধি দিয়া ১৫৩ ৰানৰ টাৰ্গেট পাকিস্তানে অতি সহজে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পাকিস্তানে ১৯.১ অভাৰত ৩ টা উইকেট হেৰুৱাই এই টাৰ্গেটত উপনীত হয়।

আজিৰ মেচখনত পাকিস্তানৰ খেলুৱৈ বাবৰ আজমে ৪২ বলত ৫৩ ৰান সংগ্ৰহ কৰে। লগতে মহম্মদ ৰিজৱানে ৫৭ ৰান, মহম্মদ হেৰিছে ৩০ ৰান, ইফটিকাৰে 0 ৰান আৰু শ্বান মাছুদে ৩ ৰান সংগ্ৰহ কৰে।

ইফালে, নিউজিলেণ্ডৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰে ডেৰীল মিচেলে। খেলুৱৈগৰাকীয়ে ৩৫ ৰানত ৫৩ ৰান সংগ্ৰহ কৰে। আৰু দলটোৰ অধিনায়ক কেন উইলিয়ামছনে সংগ্ৰহ কৰে ৪৬ ৰান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply