নিউজ ডেস্কঃ টি-২০ বিশ্বকাপত আজি শ্ৰীলংকাৰ বিৰুদ্ধে খেলপথাৰত নামে নিউজিলেণ্ড। ছিডনীত অনুষ্ঠিত মেচখনত শ্ৰীলংকাৰ বিৰুদ্ধে নিউজিলেণ্ডৰ গ্লেন ফিলিপ্সে সুন্দৰ বেটিং কৰি চেঞ্চুৰী কৰে।

৭ উইকেট হেৰুৱাই নিউজিলেণ্ডে ১৬৭ ৰান সংগ্ৰহ কৰে। ইফালে, শ্ৰীলংকাই ২০ অভাৰত মাত্ৰ ১০২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

টি-২০ বিশ্বকাপত শতক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে নিউজিলেণ্ডৰ দ্বিতীয়গৰাকী আৰু সমগ্ৰ বিশ্বৰ ভিতৰতে ১০ নম্বৰ স্থান লাভ কৰিছে ফিলিপ্সে।

ইফালে, টি-২০ ইন্টাৰনেশ্যনেলত গ্লেন ফিলিপ্সৰ এইটা দ্বিতীয় শতক। আজিৰ মেচখনত খেলুৱৈগৰাকীয়ে মাত্ৰ ৬১টা বলতে চেঞ্চুৰী কৰে।

অৱশ্যে শ্ৰীলংকাৰ বিৰুুদ্ধে মেচখনত ফিলিপ্সৰ বাদে আন সকল নিউজিলেণ্ডৰ খেলুৱৈসকলে বেটিঙৰ ক্ষেত্ৰত ভাল খেল প্ৰদৰ্শন কৰিব পৰা নাই।

নিউজিলেণ্ডৰ হৈ ফিন এলেনে ১ ৰান, ডেভন কনৱেয়ে ১ ৰান, কেন উইলিয়ামছনে ৮ ৰান, ডেৰিল মিচেলে ২২ ৰান, জেমছ নিশ্বামে ৫ ৰান, মিচেল ছান্টনেৰে ১১ ৰান, ইশ্ব ছোধীয়ে ১ ৰান আৰু টীম ছাউথীয়ে ৪ ৰান সংগ্ৰহ কৰে।

আনহাতে, ১০ ৰান Extra নিউজিলেণ্ডে লাভ কৰাৰ পাছত শ্ৰীলংকাৰ সমূখত ১৬৮ ৰানৰ টাৰ্গেট বান্ধি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply