নিউজ ডেস্কঃ টি-২০ৰ আজিৰ চেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামে ভাৰত। ভাৰতে প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ সমূখত বান্ধি দিয়ে ১৬৯ ৰানৰ টাৰ্গেট।

ভাৰতীয় ক্ৰিকেট দলে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৮ ৰান। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই এইবাৰৰ টি-২০ বিশ্বকাপত বৰ বিশেষ ভাল খেল প্ৰদৰ্শন কৰা নাই।

তাৰ বিপৰীতে মেচখনত বিৰাট কোহলীয়ে ৫০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইফালে, কে এল ৰাহুলে ৫ ৰান, সূৰ্য কুমাৰ যাদৱে ১৪ ৰান, হাৰ্দিক পাণ্ডিয়াই মাত্ৰ ৩৩টা বলত ৬৩ ৰান আৰু ৰিশ্বৱ পান্তে ৬ ৰান সংগ্ৰহ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply