নিউজ ডেস্কঃ নেডাৰলেণ্ডৰ সৈতে জয়ী হোৱাৰ পাছত টি-২০ বিশ্বকাপত কালি অৰ্থাৎ ৩০ অক্টোবৰৰ সন্ধিয়া ৪.৩০ বজাত ভাৰত সমূখীন হ’ব দক্ষিণ আফ্ৰিকাৰ। বিশ্বকাপৰ বৰ্তমানলৈ ভাৰতীয় খেলুৱৈসকলৰ খেলৰ প্ৰাদৰ্শিতাৰ প্ৰতি লক্ষ্য ৰাখি আফ্ৰিকাৰ বিৰুদ্ধে খেলিব লগা এই মেচখনত ভাৰত জয়ী হোৱাৰ সম্ভাৱনা যে অধিক সেয়া বুজিব পাৰি।
কালিৰ মেচখনত ভাৰতৰ হৈ খেলিবলগীয়া ক্ৰিকেটাৰৰ তালিকাখনত থকা খেলুৱৈসকল ক্ৰমে- কে এল ৰাহুল, ৰোহিত শৰ্মা, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, বিৰাট কোহলী, অক্সৰ পেটেল, দীপক হূডা, হাৰ্দিক পাণ্ডেয়া, ৰবিচন্দ্ৰণ অশ্বীন, দীনেশ কাৰ্তিক, ৰিছৱ পান্ট, অৰ্শ্বদীপ সিং, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, মহম্মদ শ্বামী, মহম্মদ ছিৰাজ, ৰবি বিষ্ণৈ, শ্বাৰদুল ঠাকুৰ, যুজবেন্দ্ৰ চহল।
ইফালে, দক্ষিণ আফ্ৰিকাৰ দলটোত থকা খেলুৱৈসকল ক্ৰমে- এইডেন মাৰক্ৰাম, ডেভিড মিল্লাৰ, ৰিজা হেনদ্ৰিকছ, ৰিলী ৰুছৌৱ, টেম্বা, বাভুমা, ত্ৰিষ্টান ষ্টাবছ, এণ্ডিল ফেলহুকৱায়ু, হেইনৰিছ ক্লাছেন, কুইন্টন ডে ক’ক, এনৰিক নৰ্টজে, ইমাড ফৰটুইন, কাগিছো ৰাবাডা, কেশৱ মহাৰাজ, ৰিজাড উইলিয়াম, লুংগী গিডী, মাৰ্কো জেনছেন, তাব্ৰেইজ ছামছী আৰু ৱেইনী পাৰ্নেল।