নিউজ ডেস্কঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শনিবাৰে স্পষ্ট ৰূপত সন্ত্ৰাসবাদক সমগ্ৰ বিশ্ববাসীৰ বাবে আটাইতকৈ ডাঙৰ শংকা আৰু সমস্যা বুলি কয়। 

দিল্লীত UNSCৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ এক বৈঠকত তেওঁ কয় যে- ৰাষ্ট্ৰসংঘই পাৰ্যমানে চেষ্টা কৰাৰ পাছতো সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদৰ সমস্যা বৃদ্ধি পাইছে।

লগতে তেওঁ কয়- ‘সমগ্ৰ বিশ্বৰ লগতে এছিয়া আৰু আফ্ৰিকাত সন্ত্ৰাসবাদৰ সমস্যা অধিক হাৰত বৃদ্ধি পাই গৈ আছে। আৰু এই কথা বাৰম্বাৰ UNSCৰ ১২৬৭ সমিতিৰ সমীক্ষাত উল্লেখ কৰি অহা হৈছে।’

উল্লেখ্য যে, UNSC অৰ্থাৎ ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ মজিয়াত ভাৰত আৰু আমেৰিকাই যুটীয়াভাৱে পাকিস্তানৰ কেইবাজনো সন্ত্ৰাসবাদীৰ নাম ১২৬৭ লিষ্টত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু প্ৰতিবাৰে চীনে পাকিস্তানৰ সমৰ্থনত ভেটো শক্তিৰ ব্যৱহাৰ কৰি এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply