নগাওঁ – দেওবাৰে সন্ধিয়া অসমৰ নগাঁও জিলাৰ পুৰানিগুদামৰ বিখোৱাচুকত এটা মানৱবিহীন লেভেল ক্ৰছিংত হোৱা এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজনকৈ লোক থিতাতে নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি পৰিয়ালটোৰ বাহনখনত তীব্ৰ গতিৰে আহি থকা ৰে’লৰ লোকোমোটিভৰ খুন্দাত তেওঁলোকৰ বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ উপৰি বাহনখনত যাত্ৰা কৰা তিনিওজন লোকৰ মৃত্যু হয়।

গুৱাহাটীৰ পৰা শিলঘাটলৈ গৈ থকা ৰে’লৰ লোকোমোটিভৰ খুন্দাত তিনিজনীয়া পৰিয়ালটোৰ সদস্যসকলৰ মৃত্যুত অঞ্চলটোক শোকৰ ছাঁ পৰিছে।

প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ অনুসৰি, AS02-N 4402 নম্বৰৰ হেচবেক গাড়ীখনৰ চালকজনে ওচৰলৈ অহা ৰে’ল লোকোমোটিভৰ বিষয়ে অজ্ঞাত আছিল।

নিকটৱৰ্তী চামগুৰি তেলিয়া আমটল গাঁৱৰ বাসিন্দা মৃত পিতৃ, মাতৃ আৰু পুত্ৰ ক্ৰমে চন্দ্ৰ কুমাৰ কলিতা, নিলিমা দেৱী আৰু ছানী কলিতা বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, “আমি এটা কালভাৰ্টত বহি আছিলো। ৰে’লৰ লোকোমোটিভটো নগাঁৱৰ ফালৰ পৰা শিলঘাট অভিমুখে আহি আছিল। এখন গাড়ীত তিনিজন লোক – দুজন পুৰুষ আৰু এগৰাকী মহিলাই মানৱবিহীন লেভেল ক্ৰছিং পাৰ হ’বলৈ চেষ্টা কৰিছিল, তেতিয়াই লোকোমোটিভটোৱে গাড়ীখনত ভয়ংকৰ ৰূপত খুন্দা মাৰে আৰু মুহুৰ্ত্ততে গাড়ীখন উফৰি পৰে। তিনিওজন লোকে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply