নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত এলএচিৰ ভাৰতীয় সেনা বাহিনী আৰু চীনা বাহিনীৰ সৈনিকৰ মাজত সংঘটিত সংঘৰ্ষৰ বিষয়টোৱে স্থান লাভ কৰিলে সদনত।

এই বিষয়টো বিৰোধীয়ে সদনত উত্থাপন কৰাৰ দাবী কৰাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে- কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ থকালৈকে কোনোৱে ভাৰতৰ এক ইঞ্চি মাটিও কব্জা কৰিব নোৱাৰে।

সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ আগত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে- কংগ্ৰেছে সীমান্তত সংঘটিত সংঘৰ্ষ বিষয়টো এইবাবেই উত্থাপন কৰিছে কাৰণ কংগ্ৰেছে ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ এফচিআৰ এক্ট অমান্য কৰাক লৈ যাতে উত্থাপিত হ’বলগীয়া প্ৰশ্নৰ পৰা নিজকে দূৰত ৰাখিব পাৰে। 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে- ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনে চীনৰ দূতাবাসৰ পৰা ১.৩৫ কোটি টকা লাভ কৰিছে। তাৰপাছতে এই ফাউণ্ডেশ্যনৰ পঞ্জীয়ন প্ৰত্যাহাৰ কৰা হয়। কাৰণ ফাউণ্ডেশ্যনটোৱে এফচিআৰএ-ৰ নিয়ম মনা নাছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply