নিউজ ডেস্কঃ যান-বাহন কৰ পৰিশোধ নকৰা বাহনসমূহৰ চালকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহন বিভাগে। বিভাগটোৱে আজিৰ পৰা আৰম্ভ কৰিছে অপাৰেশ্যন কুৰুক্ষেত্ৰ। 

সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসৰ নেতৃত্বত আৰম্ভ হৈছে এই অপাৰেশ্যন কুৰুক্ষেত্ৰ। যিসমূহ বাহনে কৰ পৰিশোধ কৰা নাই বা বাহনৰ নথিপত্ৰসমূহ সময়ে সময়ে পুনঃনবীকৰণ কৰা নাই তেওঁলোকৰ বাহন জব্দ কৰাৰ লগতে অনুজ্ঞাপত্ৰসমূহো বাতিল কৰা হ’ব পাৰে বুলি জনাই সহকাৰী পৰিবহন আয়ুক্ত গৰাকীয়ে। 

সাংবাদিকৰ আগত গৌতম দাসে কয় যে- যাহন-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক পৰিবহন বিভাগে ৩১ জানুৱাৰীলৈ সময়সীমা দিছিল। কিন্তু এতিয়াও বহু বাহন কৰ পৰিশোধ নকৰাকৈয়ে চলি আছে। সেয়েহে আজিৰ পৰা আমি অভিযান কুৰুক্ষেত্ৰ আৰম্ভ কৰিছো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply