নিউজ ডেস্কঃ ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকৰ সমষ্টিত এইবাৰ নিৰ্বাচনী প্ৰচাৰত নামিছে গুৱাহাটীৰ সাংসদ কুইন ওজা।
সাংসদ ওজাৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসো জড়িত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত।
ইফালে, গুৱাহাটীৰ সাংসদ কুইন ওজাই প্ৰতিমাক নিজৰ কন্যা বুলি কৈ ধানপুৰৰ মহিলাৰ মন জয় কৰাত ব্যস্ত। এইবাৰ ধানপুৰ দখলৰ বাবে বিজেপিৰ আপ্ৰাণ চেষ্টা বিজেপিৰ।
তদুপৰি মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাও ব্যস্ত ত্ৰিপুৰাৰ নিৰ্বাচনত। লগতে অসম বিজেপিৰ বহু পালিনেতাৰো এতিয়া ঠিকনা হৈ পৰিছে ত্ৰিপুৰা।