নিউজ ডেস্কঃ একেদিনাই বায়ুসেনাৰ দুখনকৈ যুঁজাৰু বিমান শনিবাৰে পুৱা দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমান  দুখনৰ এখন চুখই এছ ইউ ৩০ আৰু আনখন মিৰাজ ৩০০০ আছিল।

প্ৰতিবেদন অনুসৰি, দুয়োখন বিমানে মধ্য প্ৰদেশৰ গোৱালিয়ৰ বিমান ঘাটিৰ পৰা উৰা মাৰিছিল য’ত এটা অনুশীলন চলি আছিল। ৰাজস্থানৰ ভৰতপুৰ আৰু মধ্য প্ৰদেশৰ মোৰেনাত দুৰ্ঘটনাগ্ৰস্ত বিমান দুখনৰ ধ্বংসাৱশেষ পোৱা গৈছে বুলি জানিব পৰা গৈছে।   

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আদৰ্শ কাটিয়াৰে পিটিআই(PTI) ক জনাইছিল যে, দুৰ্ঘটনাটোৰ কাৰণ বাৰ্তমান লৈকে স্পষ্ট হোৱা নাই আৰু তিনিজনৰ ভিতৰত দুজন পাইলট সুৰক্ষিত। অৱশ্যে মোৰেনাত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পাইলটজন গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।  

উল্লেখযোগ্য যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুৰ্ঘটনা সন্দৰ্ভত বায়ু সেনা মুৰব্বীক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

লগতে পঢ়ক – ৰাজ্য প্ৰশাসনত ব্যাপক ৰদ-বদল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply