নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ে ৩১ অক্টোবৰ তাৰিখে নিষিদ্ধ কৰিলে ‘Two finger Test’. ন্যায়ালয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ধৰ্ষণৰ বলী হোৱা ভুক্তভোগীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গ্ৰহণ কৰা এই পদ্ধতিটো অবৈজ্ঞানিক। এই পদ্ধতিৰ দ্বাৰা ভুক্তভোগীগৰাকীক পুনৰ মানসিক ভাৱে অত্যাচাৰ কৰাটো বুজায়।
’Two finger Test’ ৰ সহায়ত এগৰাকী যুৱতীৰ কুমাৰীত্ব পৰীক্ষা কৰা হয়। ইয়াৰ দ্বাৰা চিকিৎসকে জানিবলৈ চেষ্টা কৰে যে ভুক্তভোগীগৰাকী প্ৰকৃততে ধৰ্ষণৰ বলী হৈছিল নে নাই ।
উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰাও এই পৰীক্ষাটো আঁতৰাবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু হিমা কোহলীৰ বিচাৰপীঠে এটা ধৰ্ষণৰ গোচৰৰ ৰায় প্ৰদান কৰি কয় যে দুৰ্ভাগ্যবশতঃ এই পদ্ধতি এতিয়াও প্ৰচলিত হৈ আছে। “দুৰ্ভাগ্যবশতঃ, এই প্ৰণালীটো এতিয়াও প্ৰচলিত হৈ আছে। মহিলাসকলৰ যৌনাংগ পৰীক্ষা কৰা মানে তেওঁলোকৰ মৰ্যাদাক কুঠাৰাঘাত কৰা। যৌন সম্পৰ্কত সক্ৰিয় এগৰাকী মহিলাক ধৰ্ষণ কৰিব নোৱাৰি বুলি ক’ব নোৱাৰি। ’Two finger Test’ ক লৈ বিতৰ্ক এইয়া প্ৰথম নহয়। যোৱা কেইবছৰমান ধৰি নিৰন্তৰভাৱে এই বিতৰ্ক অব্যাহত আছে। ইয়াৰ দুটা কাৰণ হ’ল আদালতে ইয়াক অসাংবিধানিক বুলি কোৱা স্বত্বেও, দেশৰ বিভিন্ন প্ৰান্তত ধৰ্ষণৰ ভুক্তভোগীসকলক এই পৰীক্ষা কৰা হয় আৰু দ্বিতীয়টো হ’ল ধৰ্ষণৰ পাছতো এই পৰীক্ষাৰ নামত ভুক্তভোগীগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে ভুক্তভোগীগৰাকীৰ গোপনীয়তা আৰু সন্মান উলংঘন কৰা।
২০১৩ চনত, ৰাজধানী দিল্লীত নিৰ্ভয়া ধৰ্ষণৰ পিছত, ইয়াক লৈ বিতৰ্ক হৈছিল। একে সময়তে, এই পৰীক্ষাটো নিষিদ্ধ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰেও সেই সময়ত ইয়াক অবৈজ্ঞানিক বুলি ঘোষণা কৰিছিল। ২০১৪চনত মাৰ্চ মাহত, স্বাস্থ্য মন্ত্ৰালয়ে ধৰ্ষণপীড়িতাসকলৰ বাবে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছিল।নতুন নিৰ্দেশনাত ’Two finger Test’ক স্পষ্টভাৱে নিষিদ্ধ কৰা হৈছিল।
যৌন হিংসাৰ আইনসমূহ পৰ্যালোচনা কৰিবলৈ সেই সময়ত বাৰ্মা সমিতিও গঠন কৰা হৈছিল। সমিতিখনে এইটোও স্পষ্ট কৰি দিছিল যে ধৰ্ষণ সংঘটিত হৈছিল নে নাই সেইয়া আইনী তদন্ত , চিকিৎসা সম্পৰ্কীয় নহয়।