গুৱাহাটীঃ স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী। মঙলবাৰে পুৱতি নিশা পৃথকে পৃথকে সেনাৰ তিনিটাকৈ শিবিৰত আলফা-এনএছচিএনে মৰ্টাৰেৰে চলালে আক্ৰমণ। ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে অৰুণাচলৰ নকনৌ, পাংচুপাছৰ সেনাৰ শিবিৰৰ লগতে নাগালেণ্ডৰ চেৰামতাত আক্ৰমণ চলালে সংগঠন দুটাই।
দুয়ো পক্ষৰ গুলীয়াগুলীত এজন সেনা নিহত হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে আহত হৈছে বহুকেইজন। প্ৰায় দুঘন্টা ধৰি চলিছিল প্ৰচণ্ড গুলীয়াগুলী।
চাংলাং আৰক্ষীৰ অধীক্ষক মিহিন গাম্বোৱে কয়,” আজি পুৱতিনিশা পাংচুপাছত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। আমি এতিয়ালৈকে সংগঠন দুটাৰ সন্দৰ্ভত একো অৱগত কৰিব নোৱাৰো কাৰণ আৰক্ষীৰ দল এতিয়াও উভতি অহা নাই।”
সন্দেহযুক্ত সন্ত্ৰাসবাদীসকলে আক্ৰমণটো সংঘটিত কৰাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। সেনাই বৰ্তমান অঞ্চলটোত এক বৃহৎ অভিযান আৰম্ভ কৰিছে।
জানিব পৰা মতে, এই ঘটনাটো মঙলবাৰে পুৱা প্ৰায় ৪.৪৪ বজাত সংঘটিত হৈছিল। যেতিয়া এনএছচিএন আৰু আলফা স্বাধীনৰ এটা যুটীয়া দলে অসম ৰাইফলছক আক্ৰমণ কৰিছিল। ইয়াৰ পিছতেই দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ হৈছিল।
উল্লেখ্য যে, আলফা স্বাধীনে এই বছৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে। নিষিদ্ধ সংগঠনটোৱে শনিবাৰে এনএছচিএন-কেৱাইএৰ সৈতে এক যুটীয়া বিবৃতিত অসম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ লোকসকলক উদযাপন সম্পৰ্কীয় কোনো কাৰ্যকলাপত অংশগ্ৰহণ নকৰিবলৈ উল্লেখ কৰিছিল।