নিউজ ডেস্কঃ মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই বিশ্বৰ শীৰ্ষ ৫০০খন বিশ্ববিদ্যালয়ৰ সৈতে দেশসমূহৰ তালিকা নিজৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। 

এই তালিকাখনত ভাৰতৰ নাম আছে যদিও, সংখ্যা বহু কম। আনন্দ মহিন্দ্ৰাই টুইটাৰত শ্বেয়াৰ কৰা তালিকাখনৰ শীৰ্ষ তিনিখন দেশ ক্ৰমে- আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু জাৰ্মান। 

উক্ত তালিকা অনুসৰি, বিশ্বৰ শীৰ্ষ ৫০০ বিশ্ববিদ্যালয়ৰ ভিতৰত আমেৰিকাৰ ৮৭খন, ব্ৰিটেইনৰ ৪৯খন, জাৰ্মানৰ ৩১খন, অষ্ট্ৰেলিয়াৰ ২৬খন, চীনৰ ২৬খন, কানাডাৰ ১৭খন, জাপানৰ ১৬খন, কোৰিয়াৰ ১৬খন, ইটালীৰ ১৪খন, নেডাৰলেণ্ডৰ ১৩খন, স্পেইনৰ ১২খন, ফ্ৰান্সৰ ১১খন, বেলজিয়ামৰ ৮খন ইত্যাদি।

এই তালিকাখনত বিশ্বৰ শীৰ্ষ ৫০০ বিশ্ববিদ্যালয়ৰ ভিতৰত ভাৰতৰ আছে ৮খন বিশ্ববিদ্যালয় আৰু পাকিস্তানৰ ৩খন বিশ্ববিদ্যালয়।  

পাকিস্তানৰ তুলনাত যদিও ভাৰতৰ সংখ্যা অধিক, কিন্তু আনবোৰ শক্তিশালী দেশৰ তুলনাত আমাৰ দেশৰ বিশ্ববিদ্যালয়ৰ সংখ্যা এই তালিকাত বহু কম। 

মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ গৰাকীয়েও টুইটাৰত এই তালিকাখন শ্বেয়াৰ কৰি লিখিছে- ‘অৱশেষত মই বিশ্বাস কৰো যে এখন দেশৰ উদ্ভাৱনী ক্ষমতাৰ দীৰ্ঘম্যাদী স্থিৰতা আৰু উৎপাদনশীলতাৰ বিকাশৰ সম্পৰ্ক থাকে দেশখনৰ উচ্চ শিক্ষাৰ কেন্দ্ৰসমূহৰ সংখ্যা আৰু মানদণ্ডৰ সৈতে। আমি এইখন তালিকাত আগবাঢ়িব লাগিব।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply