নিউজ ডেস্কঃ বীৰ লাচিত সেনাই জাগীৰোডত সাব্য়স্ত কৰিছে তীব্ৰ প্ৰতিবাদ। বীৰ লাচিত সেনা অসম জাগীৰোড আঞ্চলিক সমিতিৰ সভাপতি অৰূপ বৰা আৰু সম্পাদক চুমীত আমফি নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে।

জাগীৰোড -মৰিগাঁও সংযোগী পথৰ ৰেল লাইন ওপৰত অৰ্ধ নিৰ্মিত উৰণীয়া সেঁতুখন অচিৰেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবীত আজি এই প্ৰতিবাদ ৰূপায়ন কৰা হয় । লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সমষ্টিৰ অন্তৰ্গত কপিলী নৈৰ ওপৰত থকা দলংখনতো দৈনন্দিন ৰাজ পথত চলাচল কৰাত অসুবিধা সম্মুখীন হোৱাত মন্ত্ৰী গৰাকীক তীব্ৰ সমলোচনা কৰে।

ইফালে, ৰেল পথৰ দুয়ো কাষে অধিক যান-জঁট সৃষ্টি হোৱাৰ লগতে বিভিন্ন দুৰ্ঘটনা সংঘটিত হয়। জিলা প্ৰশাসনক বাৰম্বাৰ স্মাৰক পত্ৰ দিয়া পিছতো ৰাতিপুৱা ৭ বজাৰ পৰা গধূলি ৭ বজালৈ গধুৰ যান-বাহনসমূহ প্ৰৱেশ নিষিদ্ধ নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। 

লগতে অচিৰেই গধূৰ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে। আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত জিলা সাংগঠনিক সম্পাদক হেমন্ত দাস। কাৰ্যকৰী সদস্য প্ৰমোদ হীৰা, দিগন্ত দাস, বিকাশ ডেকা, উৎপল ওঝাৰ লগতে অৰ্ধ শতাধিক সদস্যও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply