ৰাজৰ্ষি চহৰীয়া

ভিক্টৰ দাস বৰ্তমান আৰক্ষীৰ জিম্মাত। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন সম্পৰ্কীয় ৭ ছেপ্টেম্বৰত এটা টুইট কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাসক। 

ভিক্টৰ দাসে ৭ ছেপ্তেম্বৰত কৰা এটা টুইট আছিল এনেধৰণৰ – ‘‘Respected Sir , a huge lobby is running for the backdoor appointment of the recently held ADRE exams where people are demanding money from 3lakhs to 8lakhs depending on the post, also a few ex-MLA is involved. Please help’’

এই পোষ্টটোৰ পাছতে অসমৰ Special DGP জি পি সিঙে কমেন্টত লিখিছিল- ‘’Please give specifics. You may inbox specific details to me.’’ আৰক্ষী বিষয়াগৰাকীৰ কমেন্টৰ পাছতে তেওঁৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ বাবে ধন্যবাদ জনাইছিল ভিক্টৰ দাসে।

ভিক্টৰ দাসৰ পাছত আন এক ফেচবুক পোষ্ট

আৰক্ষীয়ে ভিক্টৰ দাসৰ পৰা এই সন্দৰ্ভত প্ৰমাণ বিচৰাত ইতিমধ্যে তেওঁৰ হাতত থকা সকলো তথ্য গতাই দিয়া বুলি জানিব পৰা গৈছে। কিন্তু তাৰ মাজতে আন এগৰাকী ব্যক্তিয়েও এই সন্দৰ্ভত পোষ্ট কৰিছে। 

পোষ্টটোত তেওঁ লিখিছে- ‘‘মই তৃতীয় বর্গৰ পৰীক্ষা দিয়া কোঠাটোৰ ভিতৰত এগৰাকী পৰীক্ষাৰ্থীয়ে OMR sheet খনত একো চিন দিয়া নাছিল। পৰীক্ষা শেষ হবলৈ ৫ মিনিট মান সময় থাকোঁতেহে ৰুমটোত থকা আন পৰীক্ষাৰ্থী সকলে কথাটো গম পাইছিল। ৰূমটোত থকা সকলোৱেই তেওঁক বুৰ্বক বুলি ভাবিছিল। আজি অনুভৱ হৈছে আচলতে সেইগৰাকী বুৰ্বক নাছিল আমি হে বুৰ্বক আছিলোঁ। বুজাই বুজিব। বিশেষ প্ৰমাণ একো নাই, ডাহী বালিকা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত দুই নং কোঠাৰ ১ নং শাৰীৰ ৩/৪ নম্বৰ বেঞ্চত বহি পৰীক্ষা দিছিল।

(এইটো পোষ্টক লৈ বাতৰি পৰিৱেশন কৰা দেখা পাইছোঁ, এইটো একো অভিযোগ নহয়,এটা মাত্ৰ অভিজ্ঞতা, এই ঘটনাটোৰ আঁৰত যদি কিবা কাহিনী লুকাই আছে তেন্তে সেয়া মোৰ অজ্ঞাত)’

ভিক্টৰ দাসৰ পোষ্ট সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া

ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰা টুইটাৰ পোষ্টটোত Special DGP জি পি সিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো টেগ কৰিছিল। আৰু এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ কিৰছিল। 

লগতে দাসে পোষ্টটোত এগৰাকী প্ৰাক্তন বিধায়ক জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰিছিল। পোষ্ট কৰি নিজেই বিপদত পৰা ভিক্টৰ দাসৰ এই অভিযোগ সন্দৰ্ভত সাংবাদিকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ডিজিপি ভাস্কৰজ্যোতি মহন্তই। তেওঁ কয় যে- সি বেচেৰাই সম্পূৰ্ণ বস্তুটো ভুলকৈ ৰিপ্ৰেজেন্ট কৰিছে। সঠিক তথ্য দিব পৰা নাই ভিক্টৰে।

গ্ৰেপ্তাৰ হ’ল ভিক্টৰ

ফেচবুকত পোষ্ট কৰাৰ পাছতে অসম আৰক্ষীয়ে তেওঁক সোধা-পোছা কৰে। প্ৰায় ২৪ ঘন্টাৰ সোধ-পোছৰ পাছত গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাসক। এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ ভাষ্য অনুসৰি ভিক্টৰ দাসে তেওঁৰ হাতত থকা তথ্যবোৰ ইতিমধ্যে আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে।

ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩ (এ), ১২০ (বি), ১৫৩, ৩৮৪, ৫০৫ (বি) আৰু ৫১১ অধীনত ভিক্টৰ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ভিক্টৰ দাসক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক। ভিক্টৰ দাসে আদালত চৌহদতে চিঞৰি চিঞৰি দিলে বিস্ফোৰক তথ্য। আৰক্ষীৰ বাহনত সোমোৱাৰ সময়ত তেওঁ চিঞৰি চিঞৰি এখন বাহনৰ নম্বৰ দিয়ে। ভিক্টৰ দাসে এখন গ্লেমাৰ বাইকৰ নম্বৰ চিঞৰি কয় যদিও অস্পষ্টকৈ শুনা পোৱা যায় । সেই নম্বৰটো হৈছে AS22BH4954 । তদুপৰি ভিক্টৰ দাসে এটা ফোন নম্বৰ দিছে, যিটো নম্বৰৰ গৰাকীয়ে চাকৰিৰ বিনিময়ত ধন বিচাৰিছে বুলি তেওঁ কয়। সেই নম্বৰটো হৈছে 9101482338 । কিন্তু আৰক্ষীয়ে নস্যাত কৰিছে এই তথ্য। 

নিযুক্তি কেলেংকাৰী James Bondৰ চিনেমা নেকি – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘‘মই অসমৰ মিডিয়াক এটা অনুৰোধ কৰিম যে আপোনালোকে এই ৮ লাখ ল’ৰা-ছোৱালীৰ মূৰ কেইটা গৰম নকৰিব। এইটো ভাল কথা নহয়। কোনোবা এজনে টুইট কৰি দিলে মোৰ ইয়াতে মানুহে যোগাযোগ কৰিছে। তেনেকৈ পৰীক্ষাৰ ৰিজাল্ট হয় নেকি? ছেবাত প্ৰশ্নকাকত আছে। তাত ৰিজাল্ট দিব। ৰিজাল্ট দিলে যেতিয়া দুখীয়া ল’ৰা-ছোৱালীসকলে ৰিজাল্ট পাব তেতিয়া সকলোৰে চকু খুলি যাব। অসমৰ দুই এটা ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমে চেষ্টা কৰি আছে যে- কেনেকৈ এই ১ লাখ নিযুক্তি বন্ধ কৰিব পাৰি। ভূপেন বৰাই আলোচনা কৰিব নেকি, কংগ্ৰেছে ভাল পাব নেকি যদি ২৬ হাজাৰ ল’ৰা-ছোৱালীয়ে এক টকাও নিদিয়াকৈ চাকৰি পায়…। কৈছে প্ৰাক্তন বিধায়কে টকা বিচাৰিছে। প্ৰাক্তন বিধায়কৰ নাম সুধিছো, নাম ক’ব পৰা নাই। এনেকৈ কিবা গাড়ীত আহিব পাৰে নেকি? এইখন কি জেমছ বণ্ডৰ চিনেমা নেকি? যদি কোনোবাই মোৰে গাড়ীৰ নম্বৰটো কৈ দিলে, এইটোৰ মোৰ লগত সম্পৰ্ক কি? জেমছ বণ্ডৰ ফিল্ম নেকি? কিজানিবা আপোনালোকৰ গাড়ীৰ নম্বৰটো কৈ দিয়ে। পৰীক্ষাৰ প্ৰশ্ন কেতিয়া ওলাল, ক’ত পালো, ফাদিল হ’ল যদি কোনে ফাদিল কৰিলে, টকা দিলো যদি কাক দিলো? নামটোতো লাগিব।’’ 

মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া

মন্ত্ৰী পীয়ুষ হাজৰিকাও এই সন্দৰ্ভত মন্তব্য কৰি সাংবাদিকৰ আগত কয়- ‘তেওঁলোকে যদি আমাক তথ্য দিয়ে, নাম কেইটা কৈ দিয়ে তেন্তে নিশ্চিতভাৱে তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। কিন্তু মই কৈছো কোনো ধৰণৰ চাকৰি বক্ৰ প্ৰক্ৰিয়াৰে এইখন চৰকাৰৰ দিনত দিয়া নহ’ব। মোক আৰক্ষীয়ে বৰ্তমানলৈ জনোৱা মতে এটাও প্ৰমাণ দিব পৰা নাই…।’’

গ্ৰেপ্তাৰৰ পিছত জি পি সিংৰ প্ৰতিক্ৰিয়া

Special DGP জি পি সিঙে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে- ”আমি এতিয়ালৈকে কোনো ধৰণৰ প্ৰমাণ পোৱা নাই। তেওঁক যথেষ্ঠ সুযোগ দিয়া হৈছিল তথ্য প্ৰমাণ দিয়াৰ বাবে। ১২ লাখৰো অধিক লোকৰ জীৱনৰ কথা জড়িত থাকিলে তেনেকৈ মিছা কথা কোৱাটো উচিত নহয়। মই কৈছো যে- যিসকল জড়িত আছে এই চক্ৰটোৰ সৈতে, তেওঁলোকৰ নাম কেইটা কওঁক। আমি তেতিয়া তদন্ত কৰিব পাৰো…। যদি আন কাৰোবাৰ হাততো কিবা Information আছে তেন্তে আমি নিশ্চয় তদন্ত কৰিম।”

ভিক্টৰ দাসৰ ওপৰত ধৰ্মীয় হিংসা বিয়পোৱাৰহে গোচৰ ৰুজু 

চৰকাৰী চাকৰিৰ পৰীক্ষাত ধনৰ লেনদেনৰ অভিযোগ কৰাৰ পোষ্ট কৰাৰ পাছত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হয়। এটা অভিযোগ কৰাৰ পাছত আচামী হ’ল দাস। সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ ওপৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২৫ বা ভুল তথ্য প্ৰদানৰ বাবে ২০১ ধাৰা প্ৰযোজ্য হয়।

তাৰ বিপৰীতে ধৰ্মীয় বিদ্বেষ সৃষ্টি কৰাৰ বাবে ১৫৩ (এ) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ভিক্টৰ দাসৰ ক্ষেত্ৰত, লগতে, অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে ধাৰা ১২০ (বি), প্ৰতিবাদ অথবা অশান্ত পৰিষ্ঠিতি সৃষ্টিৰ বাবে ধাৰা ১৫৩, ধন দাবী কৰাৰ বাবে ধাৰা ৩৮৪, ভুৱা বাতৰি বিয়পোৱাৰ বাবে ধাৰা ৫০৫ (বি) আৰু অপৰাধ সংঘটিত কৰিবলৈ বিচৰা বাবে ধাৰা ৫১১ত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। ইয়াৰে ধাৰা ১৫৩ (এ) আৰু ধাৰা ১২০ (বি) জামিনবিহীন।

ভিক্টৰ দাসৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত কি ক’লে গুৱাহাটী উচ্চ ন্যায়লয়ৰ জেষ্ঠ অধিবক্তা অংশুমান বৰাই

জ্য়েষ্ঠ অধিবক্তা অংশুমান বৰাই সাংবাদিকৰ আগত কয়- ‘ভিক্টৰ দাসে যিটো টুইট কৰিছিল তাত তেওঁ কাৰো বিৰুদ্ধে কোনো অভিযোগ অনা নাই। তেওঁ মাত্ৰ এটা ইনফৰ্মেশ্যন দিছিল। সেই ইনফৰ্মেশ্যনটোৱে এখন এফআইআৰ হিচাপে ৰেজিষ্টাৰ হ’ব লাগিছিল। কিন্তু তেনে নহৈ, ভিক্টৰ দাসকে আচামী বনাই তেওঁৰ ওপৰত কিছুমান ধাৰা লগাই দিলে। যিবোৰ ধাৰা লগালে সেইবোৰ ইয়াত কোনো ধৰণেই Applicable নহয়। ১৫৩ (এ) ধাৰা আনিলে অৰ্থাৎ ধৰ্মীয় বিদ্বেষ সৃষ্টি কৰা বুলি ক’লে। কিন্তু ভিক্টৰ দাসে দিয়া গোচৰটো, তেওঁ দিয়া ইনফৰ্মেশ্যনটো যে তেওঁলোকে (আৰক্ষীয়ে) নল’লে সেইটোহে ডাঙৰ কথা…, অভিযুক্তকাৰী আজি নিজেই এজন আচামীলৈ পৰিণত হ’ল। এইটো এটা ডাঙৰ কথা। ইয়াত বিভিন্ন ধৰণৰ আইন ভংগ হৈছে, মৌলিক অধিকাৰ ভংগ হৈছে। এইধৰণৰ যদি ঘটনা ঘটি থাকে তেন্তে ৰাইজৰ আস্থা নিশ্চয় কমি আহিব…।” 

ইষ্টম’জ’ৰ সংযোজন – 

প্ৰশ্ন হয় – ভিক্টৰ দাসে আৰক্ষীক এনে তথ্য দিব পাৰিবনে, যিবোৰ তথ্যৰ দ্বাৰা তেওঁৰ অভিযোগ সঁচা প্ৰমাণিত হ’ব? কিয়নো অভিযোগকাৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত কোনো গোচৰ এইপৰ্যন্ত লোৱা নাই অসম আৰক্ষীয়ে। ভৱিষ্যতে এনেক্ষেত্ৰত কোনো ঘটনা পোহৰলৈ আহিলেও ভিক্টৰৰ অভিযোগৰ ভিত্তিত কোনো মোকৰ্দমা নচলিব।

এজন অভিযোগকাৰী কিয় আজি আচামী হ’বলগীয়া হ’ল? কোনো তথ্য নোহোৱাকৈয়ে কেৱল সামাজিক মাধ্যমত দৃষ্টি আকৰ্ষণ কৰিবলৈকে ভিক্টৰ দাসে এই বিতৰ্কিত টুইট কৰিছিল নেকি? সঁচাকৈয়ে নিযুক্তি প্ৰক্ৰিয়াত কেৰোণ আছে নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ ৰাইজে বিচাৰিছে।

হিমন্ত বিশ্ব চৰকাৰে নিশ্চিতভাৱে এই নিযুক্তি প্ৰক্ৰিয়াক খুব আন্তৰিকতাৰে সম্পন্ন কৰিবলৈ বিচাৰিছে। কিয়নো এনেধৰণ পৰীক্ষা ৰাজ্যতেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আৰু বৃহৎ ৰূপত আয়োজন কৰা হৈছে। পৰীক্ষাৰ প্ৰতিটো ক্ষেত্ৰতেই মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই নিজেই তদাৰক কৰাৰ লগতে মুখ্যমন্ত্ৰী হিচাপে আন এক নিকা ভাৱমূৰ্তি তৈয়াৰ কৰাৰ বাবে উঠি-পৰি লাগিছে। গতিকে কোনো লোকে ন্যস্ত স্বাৰ্থ ৰাখি চাকৰিৰ নামত ধন সংগ্ৰহত লাগি পৰিলেও এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা হ’ব বুলিয়েই আশা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,478 other subscribers

Leave a comment

Leave a Reply Cancel reply