ৰংমন দাস
বৰ্তমানৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই হৈ থাকিব ২০২৪ ৰ সাধাৰণ নিৰ্বাচন পৰ্যন্ত বিজেপিৰ শীৰ্ষ পদত। উল্লেখ্য যে, জে পি নাড্ডাৰ তিনি বছৰীয়া কাৰ্যকাল ২০২৩ চনৰ জানুৱাৰীত সমাপ্ত হ’ব লাগিছিল যদিও আগন্তুক একাধিক ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচন আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলীয় কৰ্ণধাৰ সমিতিয়ে নাড্ডাৰ কাৰ্যকাল বৃদ্ধিত সন্মতি জনাইছে।
ইষ্টম’জ’ অসমৰ হাতত পৰা তথ্য মতে, নতুন বছৰৰ প্ৰথমটো সপ্তাহতে নতুন দিল্লীত অনুষ্ঠিতব্য এক গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকতে নাড্ডাৰ বৰ্তমানৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন জনোৱা হ’ব। শেহতীয়াকৈ হিমাচল প্ৰদেশ নিৰ্বাচনত বিজেপি শোচনীয় পৰাজয়ৰ সমূখীন হ’লেও এই মুহুৰ্ত্তত ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয় বিজেপি নেতৃত্ব। কাজেই জে পি নাড্ডাই অনাগত লোকসভা নিৰ্বাচন পৰ্যন্ত বিজেপিৰ সভাপতি হিচাপে বাহাল থাকিব।
শেহতীয়াকৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুহৃদ ৰূপে পৰিচিত সৰ্বানন্দ সোণোৱালৰ উপৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ নাম বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতিৰ বাবে উচ্চাৰিত হৈ আহিছিল। পিছে এই সকলো জল্পনা কল্পনাৰ ওৰ পেলাই, নাড্ডায়েই যে ২০২৪ৰ নিৰ্বাচনতো দলৰ গুৰিব’ঠা ধৰিব লাগিব সেই কথা নিশ্চিত কৰিছে দলৰ নীতি-নিৰ্ধাৰণ কমিটিয়ে।
দলীয় সূত্ৰত প্ৰকাশ যে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ এক গুৰুত্বপূৰ্ণ বৈঠক আছে নতুন বছৰৰ জানুৱাৰী মাহৰ প্ৰথমটো সপ্তাহতে। এই কাৰ্যনিৰ্বাহকতেই নাড্ডাৰ কাৰ্যকাল বৃদ্ধিৰ উপৰিও আগন্তুক ৰাজ্যিক বিধানসভা নিৰ্বাচনবোৰৰ ৰণনীতিৰ ওপৰতো বিশদ আলোচনা কৰা হ’ব আৰু চলিত সাংগঠনিক অনুশীলনৰো পৰ্যালোচনা কৰা হ’ব।
অৱশ্যে বৈঠকৰ মুখ্য আকৰ্ষণ হ’ব ৰাজ্যিক নিৰ্বাচন আৰু ২০২৪ চনৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক নিৰ্বাচন স্থগিত ৰখা বিষয়টো। কাৰ্যতঃ ইয়াৰ ফলত বৰ্তমানৰ সভাপতি নাড্ডাৰ কাৰ্যকাল স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি হ’ব।
কিয়নো পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে দলটোৰ কমেও অৰ্ধেক সংখ্যক ৰাজ্যিক গোটৰ আভ্যন্তৰীণ নিৰ্বাচন সমাপ্ত হ’ব লাগিব। যিটো সমাগত বিধানসভা নিৰ্বাচনবোৰৰ পূৰ্বে অসম্ভৱ। এনে পৰিপ্ৰেক্ষিতত ২০২৪ চনৰ এপ্ৰিল-মে’ত লোকসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছতহে আভ্যন্তৰীণ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
জে পি নাড্ডাৰ পূৰ্বসূৰী আৰু বৰ্তমানৰ গৃহ মন্ত্ৰী অমিত শ্বাহেও ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতিৰ নেতৃত্ব দিবৰ বাবে নিজৰ কাৰ্যকাল বৃদ্ধিৰ সুবিধা লাভ কৰিছিল। উল্লেখ্য যে, সেইবাৰ সংসদীয় নিৰ্বাচন শেষ হোৱাৰ পিছতহে দলীয় সাংগঠনিক নিৰ্বাচন আৰম্ভ হৈছিল, আৰু নাড্ডা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। অৱশ্যে অমিত শ্বাহে সেইবাৰ নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকালত কেন্দ্ৰীয় কেবিনেটত যোগদান কৰিছিল।
স্মৰ্তব্য যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্বৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা আৰু প্ৰধানমন্ত্ৰীৰ আস্থাভাজন এগৰাকী অভিজ্ঞ সাংগঠনিক ৰাজনীতিবিদ নাড্ডাই তেওঁৰ পূৰ্বসূৰী অমিত শ্বাহৰ ষ্টাইলেৰেই বিজেপিয়ে প্ৰয়োগ কৰা সাংগঠনিক গতি আৰু গতিশীলতা বজাই ৰখা দেখা গৈছে।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক, তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়কে ধৰি কেইবাখনো ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব। তদুপৰি লোকসভা নিৰ্বাচনৰ পূৰ্বেই উত্তৰ-পূৰ্বাঞ্চলৰো কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
এতিয়া পৰৱৰ্তী পৰ্যায়ত নাড্ডাৰ নেতৃত্বত বিজেপিয়ে হিমাচলৰ দৰে মুখথেকেচা খাবলগীয়া পৰিস্থিতিয়েই হয় নে গুজৰাটৰ দৰে ধুমধামেৰে জয় সাব্যস্ত কৰি ২০২৪ লৈ ককালত টঙালি বান্ধিব পাৰে, সেয়া হ’ব লক্ষণীয় বিষয়।