গুৱাহাটী- চুলি সৰাটো সকলোৰে এটা সাধাৰণ সমস্যা। বিভিন্ন ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিও এই সমস্যা দূৰ কৰিব পৰা নাযায়। বহুলোকে চুলি সৰা প্ৰতিহত কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ বিচাৰে। গৰমৰ দিনত চুলি সৰাৰ মুখ্য কাৰণসমূহ জানো আহক-
১/ গৰমত চুলিৰ গুৰিবোৰ প্ৰায়ে ঘামি থাকে। বিশেষকৈ তেলেতীয়া ছালত উফি, ঘাম আদি একে লগ হৈ চুলিৰ কোষসমূহ বন্ধ হৈ পৰে ফলত চুলি সৰা আৰম্ভ হয়।
২/ আমি বিভিন্ন ধৰণৰ চুলিৰ বাবে ৰাসায়নিক পদাৰ্থ আৰু বিভিন্ন চেম্পু ব্যৱহাৰ কৰো। তাৰ ফলতো চুলিৰ কোষসমূহ বন্ধ হৈ চুলি সৰিবলৈ লয়।
৩/ গৰমৰ দিনত খুব টানকৈ চুলি বান্ধি থ’লেও চুলি সৰিবলৈ লয়। বিভিন্ন শৰীৰৰ সমস্যাৰ বাবেও আমি বহুতো ঔষধ খোৱা নতুবা থাইৰয়ড, এলপেচিয়া আদিৰ বাবেও চুলি সৰা দেখা যায়।
৪/ বিশেষকৈ ছোৱালীসকলৰ হৰম’নৰ তাৰতম্যৰ বাবে মাহেকীয়াৰ বিভিন্ন সমস্যাই দেখা দিয়ে। যাৰ ফলত চুলি অতিপাত সৰিবলৈ লোৱা দেখা যায়।
৫/ দেহত ভিটামিন ‘বি’ৰ অভাৱৰ বাবেও চুলি সৰা দেখা যায়। সেইবাবে মাছ, ফলমূল, সেউজীয়া শাক-পাচলি, বাদাম আদি নিয়মীয়াকৈ খাব লাগে।