নগাঁও কাগজ কল

গুৱাহাটী: বন্ধ হৈ পৰা নগাঁও আৰু কাচাৰ কাগজ কল ক্ৰয় কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ মাজত নাই কোনো সামঞ্জস্য। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ বিপৰীতে কেন্দ্ৰীয় গধুৰ উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কৃষণ পাল গুৰ্জৰে কাগজ কল দুটা ক্ৰয় কৰা সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই।

মঙলবাৰে লোকসভাত সোধা এক প্ৰশ্নৰ উত্তৰত গুৰ্জৰে মুখ্য মন্ত্ৰীয়ে কোৱাৰ দৰে কাগজ কল দুটা চৰকাৰে ক্ৰয় কৰাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰা নাই। বৰঞ্চ তেওঁ হিন্দুস্তান পেপাৰ মিল কৰ্পৰেচন লিমিটেডৰ অধীনস্থ এই কাগজ কল দুটা বন্ধ হৈ থকা বুলি উল্লেখ কৰি কাগজ কল দুটা এতিয়াও নিলামৰ প্ৰক্ৰিয়াতে আছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে যোৱা ৭ জুলাইত অসম চৰকাৰে নগাঁও আৰু কাচাৰ কাগজ কলৰ কৰ্মচাৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ সময়ত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কল দুটা ৰাজ্য চৰকাৰে ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছিল।

কিন্তু মুখ্য মন্ত্ৰীৰ উক্ত ঘোষণা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লোকসভাত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই।

তেওঁ কয় যে চৰকাৰে হিন্দুস্তান পেপাৰ কৰ্পৰেচন লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিছিল যদিও ২০১৮ চনত ৰাষ্ট্ৰীয় কোম্পানি আইন ন্যায়াধিৰণে প্ৰতিষ্ঠানটোক দেউলীয়া ঘোষণা কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। উক্ত নিৰ্দেশৰ ভিত্তিত NCLT-এ নিয়োগ কৰা লিকুইডেটৰে কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া আগুৱাই নিছে।

লগতে পঢ়ক – জামুগুৰিহাটত নৃশংস ঘটনা: পিতৃয়ে হত্যা কৰিলে পুত্ৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply