নিউজ ডেস্কঃ যৌন ব্যৱসায় চলাই থকাৰ অভিযোগত আন্দামানৰ মুখ্য সচিবক নিলম্বিত কৰা হৈছে। যুৱতীসকলক ধনৰ বিনিময়ত যৌন সম্পৰ্কত লিপ্ত হ’বলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জীতেন্দ্ৰ নাৰায়ণৰ বিৰুদ্ধে। যুৱতীগৰাকীয়ে আন্দামান চৰকাৰৰ আন এজন উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে।
এই অভিযোগৰ পাছতেই জীতেন্দ্ৰ নাৰায়ণক নিলম্বন কৰা হৈছে। ২১ বছৰীয়া যুৱতীয়ে তেওঁৰ বাসগৃহত যৌন ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰিছিল। জীতেন্দ্ৰই কমেও ২০ গৰাকী ছোৱালীক ঘৰলৈ মাতি আনি তেওঁলোকক ধনৰ বিনিময়ত যৌন সম্পৰ্কত লিপ্ত হ’বলৈ বাধ্য কৰোৱা বুলি যুৱতীগৰাকীয়ে উল্লেখ কৰিছে।
আন্দামান প্ৰশাসনৰ সূত্ৰ অনুসৰি, কিছুদিন পূৰ্বে আন এগৰাকী যুৱতীয়েও জিতেন্দ্ৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। আৰক্ষীয়ে তেওঁৰ অভিযোগৰো তদন্ত কৰি আছে। যেতিয়া জিতেন্দ্ৰ মুখ্য সচিব আছিল সেইসময়ত সেই যুৱতীগৰাকী ঠিকাভিত্তিক ভাৱে চৰকাৰী কাম কৰি আছিল। জিতেন্দ্ৰই তেওঁক কৰ্মক্ষেত্ৰত যৌন মন্তব্য কৰাৰো অভিযোগ উত্থাপন কৰিছে।
উচ্চতম ন্যায়ালয়ে ১৯৯৮ চনত কৰ্মক্ষেত্ৰত আচৰণ বিধি নিৰ্দিষ্ট কৰি এখন নিৰ্দেশনা প্ৰস্তুত কৰিছিল। এইটো সকলো মহিলা আয়োগ আৰু বেচৰকাৰী সংগঠনলৈ প্ৰেৰণ কৰা হৈছিল। নিৰ্দেশনা অনুসৰি, জিতেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰা হৈছে।
আন্দামানৰ প্ৰাক্তন মুখ্য সচিব জীতেন্দ্ৰ নাৰায়ণ বৰ্তমান জামিনত আছে। তেওঁক ১৭ অক্টোবৰত নিলম্বিত কৰা হৈছিল। জীতেন্দ্ৰক ১৪ নৱেম্বৰলৈকে অন্তৱৰ্তীকালীন জামিন দিয়া হৈছে। অৱশ্যে, আন এজন বিষয়া ঋষিক জামিন দিয়া হোৱা নাই।