নিউজ ডেস্কঃ অনূৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলটোক হৰুৱাই ভাৰতে প্ৰৱেশ কৰে ফাইনেলত।
উল্লেখ্য় যে, বিশ্বকাপৰ প্ৰথমখন চেমিফাইনেলত প্ৰথমে বেটিং কৰে নিউজিলেণ্ডে। বেটিং কৰি ভাৰতৰ সমূখত বান্ধি দিয়ে ১০৮ ৰানৰ টাৰ্গেট।
ইফালে, ভাৰতে ২টা উইকেট হেৰুৱাই নিউজিলেণ্ডে বান্ধি দিয়া লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ শ্বেতা শ্বেহৰৱাটে অৰ্ধশতক কৰে আৰু ভাৰতে সংগ্ৰহ কৰে ১১০ ৰান।
দেওবাৰে অনূৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক হৰুৱাৰ উদ্দেশ্য আগত লৈ খেলপথাৰত নামিব ভাৰত। আৰু ভাৰতৰ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে এইবাৰ বিশ্বকাপত ভাৰত জয়ী হ’ব।