ৰাজৰ্ষি চহৰীয়া

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীখন লৈ আগবাঢ়ি গৈ থাকোতে হঠাতে চকু পৰিল এখন গেটত আঁৰি থাৱো চাইনবৰ্ড। লিখা আছে- Welcome to Kakoijana – The home of Golden Langurs. ঠাইখিনিৰ নাম বঙাইগাঁৱৰ কাকৈজানা উজান ৰাভাপাৰা। 

গেটখনেৰে সোমাই গৈ দেখিলো চাৰিওদিশ গছ-গছনিৰে ভৰা।  এখন সুন্দৰ গাঁও। কংক্ৰিটৰ মহানগৰীৰ পৰা দূৰৈত গাঁৱলীয়া পৰিৱেশৰ মাজত গাওঁৰে দুই এজন ডেকাই পথৰে কাষতে বহি মাৰিছে আড্ডা। 

গাঁওখনৰ প্ৰতিঘৰৰ বাৰীয়েই ভৰি আছে নাৰিকল, তামোল, আম, কঠালৰ গছেৰে । কোনো হাইহাল্লা নোহোৱা গাঁওখনত শুনিব কেৱল চৰাই-চিৰিকটীৰ মাত।  এক মনোমোহা পৰিৱেশ দেখি গাঁৱৰে দুই এজনক সোধাত জানিব পাৰিলো যে- গাঁওখনৰে প্ৰতিজন লোকেই  প্ৰতিদিনাই ৰোপণ কৰে গছপুলি।

 

গাঁওখনৰ মূল পথটোৰে আগুৱাই গৈ থাকোতে মন কৰিছিলো কেইবাখনো চাইনবৰ্ড পথৰ কাষতে আঁৰি থোৱা আছে, য’ত লিখা আছে- সংৰক্ষিত এলেকাৰ ভিতৰত যান-বাহনৰ প্ৰৱেশ নিষেধ।

গাঁওখনৰ বিষয়ে জানিবলৈ জিজ্ঞাসা বৃদ্ধি পোৱাত জানিব পাৰিলো যে- কৃষিকৰ্মৰ সৈতে জড়িত এইখন গাঁৱৰ লোকৰ উপাৰ্জনৰ অন্য এক পথ হৈছে পৰ্যটন। আৰু সেয়েহে গাঁওখনৰ প্ৰতিগৰাকী লোকেই প্ৰায় প্ৰতিদিনাই ৰোপণ কৰে গছ পুলি। 

এগৰাকী স্থানীয় লোকে এই সন্দৰ্ভত কয় যে- গছপুলি সোণালী বান্দৰৰ বাবে আৰু অক্সিজেনৰ বাবে ৰোপন কৰা হৈছে। 

গাওঁখনলৈ পৰ্যটকৰ ভিৰ কৰাৰ প্ৰধান কাৰণ হৈছে দুষ্প্ৰাপ্য সোণালী বান্দৰ।  ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা এইবিধ প্ৰাণী গাঁওবাসীৰ লগতেই সহবাস কৰে। আৰু এই সোণালী বান্দৰ চাবলৈ উজান ৰাভাপাৰা গাঁওলৈ আহে দেশ-বিদেশৰ পৰ্যটক।

এতিয়া অভয়াপুৰীৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলেই হৈছে পৰিছে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ঘৰ। ১৭.২৪ বৰ্গ কিঃমিঃ অঞ্চলেৰে আঁৱৰি আছে এই কাকৈজানা সংৰক্ষিত বনাঞ্চলখন। 

বনাঞ্চলখনত আছে ৬০ টাত কৈও অধিক সোণালী বান্দৰ। আৰু এতিয়া এই সোণালী বান্দৰ কেইটাই বনাঞ্চলখনৰ গাতে লাগি থকা উজান ৰাভাপাৰা গাঁওখনক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিছে।

এই সংৰক্ষিত বনাঞ্চলখনত খাদ্যৰ নাটনি ঘটাত সোণালী বান্দৰ সমূহে উজান ৰাভাপাৰা গাঁওখনলৈ ঢাপলি মেলে খাদ্যৰ সন্ধানত। আৰু তেতিয়াৰে পৰা গাওঁখনক পৰ্যটনস্থলী হিচাপে গঢ় দিয়ে। প্ৰতিদিনাই এই গাঁওখনলৈ আগমন ঘটে হাজাৰ হাজাৰ পৰ্যটকৰ।

সোণালী বান্দৰ চোৱাৰ লগতে ইয়াত আছে, বাঁহেৰে সজা Tree House, সুন্দৰ পুখুৰী, লগতে চাৰিওদিশ আঁৱৰি আছে বিভিন্ন গছ-গছনিৰে। লগতে পাহাৰৰ পৰা বৈ অহা নিজৰা আদিৰ কাষতে বহি পৰ্যটকসকলে প্ৰকৃতিৰ মাজত কটাইছে সময়।

প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ এইখন গাঁৱৰ লোকসকলৰ বাবে ৰেষ্টুৰেন্ট, ৰিজৰ্ট, ফল-মূলৰ জুচ, চানা-পাপৰৰ দোকান আদি ব্যৱসায়ৰ জৰিয়তে ধন উপাৰ্জনৰো সুবিধা হৈ পৰিছে। 

গাওঁখনৰ সহজ-সৰল ৰাইজে নিজৰ উপাৰ্জনৰ লগতে এই সোণালী বান্দৰ কেইটাৰ এলেকাটোত থকাত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখে। 

দৰাচলতে, ২০০২চনলৈ এই সোণালী বান্দৰক বগা বান্দৰ বুলি কোৱা স্থানীয় ৰাইজে বিদেশৰ পৰ্যটকে আহি এই দুষ্প্ৰাপ্য বান্দৰটিৰ ফটো তোলা দেখিলে, তেতিয়াহে জানিলে এই বান্দৰটোৰ বাবে যে ইয়াতো এক পৰ্যটনস্থলী গঢ়ি তুলিব পাৰে। তাৰপাছৰে পৰা গাঁওবাসীয়ে মিলি সোণালী বান্দৰৰ বাবে ফলৰ গছ ৰোপন কৰিবলৈ আৰম্ভ কৰিলে। 

স্থানীয় আন এগৰাকী ব্যক্তিয়ে এই কথাখিনি জনোৱাৰ লগতে চৰকাৰৰ তৰফৰ পৰা কি কি সা-সুবিধা লাভ কৰিল সেই সন্দৰ্ভত আমাক জনায়।

এতিয়া এনেদৰেই সোণালী বান্দৰ আৰু প্ৰাকৃতিক সৌন্দৰ্যতাৰ মাজত সময় কটাবলৈ আহিছে হাজাৰ হাজাৰ দেশ-বিদেশৰ পৰ্যটক।  অসমৰে অভয়াপুৰীৰ এই পৰ্যটনস্থলীত বৃদ্ধি পাওঁক আৰু পৰ্যটক, বৃদ্ধি পাওঁক সোণালী বান্দৰ। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply