নিউজ ডেস্কঃ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক দেওবাৰে কমিউনিষ্টি পাৰ্টী অৱ চাইনাৰ মহাসচিব হিচাপে নিৰ্বাচন কৰা হৈছে।
দলটোৰ সংস্থাপক মাউ জেদোংগেৰ পাছতে জিনপিং দ্বিতীয়গৰাকী নেতা যি তৃতীয় কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে।
নিৰ্বাচিত হোৱাৰ পাছতে ছি জিনপিঙে নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি যাম বুলি শপতগ্ৰহণ কৰে। বেইজিংৰ গ্ৰেট হল অৱ দ্য পিপলত সাংবাদিকৰ আগত তেওঁ কয় যে- আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখিছে, তাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো।
ইফালে, দলটোৰ মহাসচিব হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ছি জিনপিং পুনৰ চীনৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লাভ কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে।