দক্ষিণৰ বাণিজ্যিক ছবিৰ ৰাষ্ট্ৰীয় সফলতাই মুম্বাইৰ হিন্দী ছবিজগতলৈ প্ৰত্যাহ্বান অনাৰ কথা প্ৰায়েই কোৱা হয় ৷ এইটো সত্য যে মূলসুঁতিৰ হিন্দী ছবিসমূহৰ গল্প, নিৰ্মাণ আদিলৈ অহা জঠৰতাৰ বাবে বহু বৃহৎ বাজেটৰ তেনে ছবি বক্স অফিচত ব্যৰ্থ হৈছে ৷ তাৰ বিপৰীতে লক্ষ্যণীয়ভাৱে সফল হৈছে দক্ষিণৰ কেইবাখনো তাৰকানিৰ্ভৰ ছবি ৷ আচলতে কথাটো এনেকুৱা নহয় যে দক্ষিণৰ এই ছবিবোৰৰ গুণগত মান উন্নত ৷ বৰং হিন্দী ছবিয়ে বিগত বছৰবোৰত দক্ষিণৰ ছবিৰ কাহিনীৰ লগতে নিৰ্মাণশৈলীৰো অনুকৰণ কৰিবলৈ লৈছে ৷ সেয়েহে দৰ্শকে একেখিনি কন্টেন্ট মৌলিক উৎসতে চাবলৈ পছন্দ কৰিছে ৷

যি কি নহওঁক, বিগ বাজেটৰ বাণিজ্যিক হিন্দী ছবিবোৰৰ বিফলতাক লৈ চৰ্চা চলি থাকিলেও ২০২২ত বহুকেইখন এনে হিন্দী ছবিয়ে মুক্তি পাইছিল যি প্ৰচাৰৰ জোৰত আগনাবাঢ়িলেও ইয়াৰ গুণগত মান উপভোগ্য আছিল ৷ ন-পুৰণি একাংশ চিন্তাশীল নিৰ্মাতা-পৰিচালকৰ প্ৰচেষ্টাত চৰ্চা অবিহনে হিন্দী ছবিৰ নতুন ধাৰাটোত উৎপাদন অব্যাহত আছে ৷

এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে অ’টিটি প্লেটফৰ্মবোৰে ৷ ‘লাল সিং চাদ্ধা’ অথবা ‘ব্ৰহ্মাস্ত্ৰ’ৰ দৰে ছবিয়ে শিৰোনাম কাঢ়িলেও ২০২২এ আমাক দি গ’ল কেইবাখনো কমচৰ্চিত কিন্তু উপভোগ্য ছবি ৷ বিশেষত্বটো হ’ল এনে বেছিভাগ ছবিতে নাৰী চৰিত্ৰই হয় কেন্দ্ৰীয় নহয় গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল যিটো এক নতুন আৰু আশাব্যঞ্জক ধাৰা ৷ তাৰে ১০খনৰ কথা ইয়াত আলোচনা কৰিব বিচৰা হৈছে ৷

মণিকা, অ’ মাই ডাৰ্লিং

পৰিচালক: বসন বালা

অভিনয়ত: ৰাজকুমাৰ ৰাও, হুমা কুৰেশ্বী, ৰাধিকা আপ্তে

আমাৰ দৃষ্টিত বছৰটোৰ সবাতোকৈ উপভোগ্য হিন্দী ছবি এইখন ৷ ছবিখনৰ প্ৰেৰণা জাপানী লেখক কেইগো হিগাশ্বিনোৰ এখন ৰহস্য উপন্যাস ৷ ভাৰতীয় চৰিত্ৰৰ সূক্ষ্ম পৰ্যবেক্ষণেৰে ইয়াৰ চিত্ৰৰূপৰ স্থানীয়কৰণ কৰা হৈছে ৷ ব্যৱহাৰ কৰা হৈছে কুৱেন্টিন টাৰান্টিনো শৈলীৰ ক্ৰাইম কমেডী য’ত তথ্য প্ৰযুক্তিৰ জগতত ঘটা হত্যাৰ ৰহস্যক সামাজিক তথা নৈতিক দায়িত্ববোধেৰে যুঁকিয়াই চোৱা হৈছে ৷ এই ছবিখন দুৰ্দান্ত চিত্ৰনাট্য আৰু শক্তিশালী অভিনয়শিল্পীৰ সমাহাৰে শিহৰণকাৰীভাৱে উপভোগ্য কৰিছে আৰু সঁচা অৰ্থত হিন্দী ছবিজগতে সাধাৰণতে এৰাই চলা অন্ধকাৰ ছবিৰ শৈলীৰ স্বাদ দিছে ৷ ৰাজকুমাৰ ৰাও, হুমা কুৰেশ্বী বা ৰাধিকা আপ্তেৰ দৰে শিল্পীৰৰ লগতে উজলিছে ছিকন্দৰ খেৰৰ দৰে পৰ্যাপ্ত সুযোগৰ অভাৱত পোহৰলৈ নহা প্ৰতিভাও ৷ 

কলা

পৰিচালক: অনৱিতা দত্ত

অভিনয়ত: তৃপ্তি ডিম্‌ৰি, বাবিল খান, স্বস্তিকা মুখাৰ্জী

‘বুলবুল’ৰ পাছত প্ৰাক্‌ স্বাধীনতা কালৰ পটভূমিৰে আন এক সুন্দৰ ছবি উপহাৰ দিলে অনৱিতা দত্তই ৷ মাতৃ-কন্যাৰ এক জটিল সম্পৰ্কৰ চিত্ৰায়ণ ৷ ইয়াৰ চালিকাশক্তি সংগীত ৷ মাতৃৰ সমালোচনা আৰু অৱহেলাত ভাৰাক্ৰান্ত এগৰাকী প্ৰতিভাৱান গায়িকাই মাতৃৰ স্বীকৃতি লাভৰ সংগ্ৰাম কৰি ৰয় আৰু বাৰে বাৰে পায় আঘাত । প্ৰাণোদ্দীপক সংগীত, স্বস্তিকা মুখাৰ্জী তথা নৱাগত বাবিল খানৰ অপূৰ্ব অভিনয় আৰু চিত্ৰকৰ্মৰ দৰে চিনেমাটোগ্ৰাফীয়ে মানবিশিষ্ট কৰি তোলে এই ছবি ৷ বিশেষকৈ কালা নামৰ গায়িকাগৰাকীৰ যাতনাক দৰ্শকৰ ওচৰ চপাবলৈ অমিত ত্ৰিবেদীৰ সংগীতে লয় অগ্ৰণী ভূমিকা ৷ অৱশ্যে চিত্ৰনাট্যত চৰিত্ৰৰ সংঘাতত অধিক মনোনিৱেশৰ প্ৰয়োজন আছিল।

গংগুবাই কাথিয়াৱাড়ী

পৰিচালক: সঞ্জয় লীলা বাঞ্চালী

অভিনয়ত: আলিয়া ভাট, অজয় দেৱগণ

‘মাফিয়া কুইন্স অব্‌ বলীউড’ নামৰ কিতাপখন হৈছে বাঞ্চালীৰ এই ছবিৰ প্ৰেৰণা ৷ আৰু বলীউডৰ প্ৰথম শাৰীৰ তাৰকা থকা ২০২২ৰ অন্যতম ভাৱোদ্দীপক ছবি এইখন ৷ সংগীত বাঞ্চালীৰ ছবিৰ স্বাভাৱিক আত্মা ৷ এইখনো ৷ ছবিৰ ছেটো তেওঁৰ ছবিত হৈ পৰে চৰিত্ৰ ৷ ইয়াতো ৷ কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ হৈছে মূল চৰিত্ৰক লৈ পৰিচালকৰ আপোচহীন স্থিতি ৷ জীৱনে দিয়া আঘাতে লৌহ কঠিন কৰি তোলা এগৰাকী দেহোপজীৱিনীক কোনো অজুহাত অবিহনে শুচিবায়ুগ্ৰস্ত সমাজৰ আগত ঠিয় কৰোৱা হৈছে ৷ নাৰীবাদী দৃষ্টিভংগীৰে বেশ্যাবৃত্তিক স্বাভাৱিক বৃত্তিৰ দৰেই চাব বিচৰা হৈছে ছবিখনত আৰু সমাজত যৌনকৰ্মীৰ বাবে বেলেগ ঠাই দিব বিচৰা হোৱা নাই ৷ তেওঁলোক পূৰ্বৰেপৰা এই সমাজৰে অংগ বুলি ক’ব বিচৰা হৈছে ৷ গংগুবাইৰ ভূমিকাত আলিয়া ভাট অনবদ্য ৷ সৰু চৰিত্ৰ হ’লেও অজয় দেৱগণ ছবিখনৰ বক্তব্যৰ অভিন্ন অংগ ৷

ছালাম ভেংকী

পৰিচালক: ৰেৱতী

অভিনয়ত: বিশাল জেথৱা, কাজল

ইচ্ছামৃত্যুৰ বিষয়টো আইনী আৰু নৈতিক দ্বন্দ্বত আৱদ্ধ ৷ এনে এটা স্পৰ্শকাতৰ বিষয়ক লৈ এই মননশীল ছবিখন আগবঢ়াইছে ৰেৱতীয়ে ৷ ছবিৰ মূল চৰিত্ৰ দাবা খেলুৱৈ ভেংকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত আৰু তেওঁ ইচ্ছামৃত্যুৰ জৰিয়তে যন্ত্ৰণাৰপৰা ৰক্ষা পোৱাৰ লগতে দেহৰ অংগ দান কৰি যাব বিচাৰে ৷ তেওঁৰ মাক সুজাতাই পুত্ৰৰ সন্মানজনক মৃত্যুৰ বাবে ইয়াত সহযোগ কৰে ৷ কিন্তু অৱধাৰিতভাবেই আহি পৰে আইনী আৰু নৈতিক দ্বন্দ্ব ৷ ছবিখনত এটা অতি সংবেদনশীল বিষয় সমান সংবেদনশীলতাৰে যুঁকিয়াই চোৱা হৈছে ৷ সুজাতাৰ মাধ্যমত ক’বলৈ বিচৰা হৈছে এহাতে সন্তানক যন্ত্ৰণাৰপৰা মুকলি কৰি দিব বিচৰাৰ হাবিয়াস আৰু আনহাতে সন্তানক চিৰবিদায় দিয়াৰ যন্ত্ৰণা আকোঁৱালি লোৱাৰ বেদনা ৷ প্ৰদৰ্শন কৰা হৈছে ইচ্ছামৃত্যুক লৈ থকা কাৰিকৰী আইনী প্ৰত্যাহ্বানবোৰৰ বিষয়ে ৷ বিশাল জেথৱা, কাজল, প্ৰকাশ ৰাজ, প্ৰিয়ামণিৰ লগতে এটা অতিথি চৰিত্ৰত আমিৰ খানে সমৃদ্ধ কৰিছে ছবিখনৰ আৱেগ আৰু যুক্তিৰে সজোৱা প্ৰতিটো মুহূৰ্ত ৷

ডাৰ্লিংছ

পৰিচালক: জছমীত কে ৰীন

অভিনয়ত: আলিয়া ভাট, শেফালী শ্বাহ, বিজয় বাৰ্মা

বছৰটোৰ ১০খন ছবিৰ ভিতৰত আলিয়া ভাটৰ এইখন দ্বিতীয় ছবি আৰু ই প্ৰমাণ কৰে যে আগশাৰীৰ তাৰকাসকলৰ ভিতৰত যিসকলে ব্যতিক্ৰমী ছবিৰ কঠিন যাত্ৰা কৰিব বিচাৰে তেওঁলোকৰ ভিতৰত আলিয়া অগ্ৰণী ৷ ছবিখনৰ তেওঁ অন্যতম প্ৰযোজকো ৷ ডাৰ্ক কমেডীৰ মাজেৰে গাৰ্হস্থ্য হিংসা আৰু ইয়াক স্বাভাৱিক কৰাৰ সামাজিক তাগিদাক উদঙাইছে ছবিখনে ৷ সুৰাপায়ী স্বামীৰ নিৰ্যাতনৰ বলি বদৰুন্নিছাৰ ভূমিকাত আলিয়া আৰু তেওঁৰ মাতৃৰ ভূমিকাত শেফালী শ্বাহে ৰক্ষণশীল সমাজত মহিলাৰ পীড়া মনোৰমভাৱে জীৱন্ত কৰিছে ৷ তাৰ লগত বিজয় বাৰ্মা, বিজয় মৌৰ্যৰ দৰে অভিনেতাই সমৃদ্ধ কৰিছে ছবিখন ।

থৰ

পৰিচালক: ৰাজ সিং চৌধুৰী

অভিনয়ত: অনিল কাপুৰ, হৰ্ষ বৰ্ধন কাপুৰ

ছবিখন এক প্ৰতিশোধৰ থ্ৰীলাৰ ৷ ৰাজস্থানৰ শুষ্কতাক ৰক্তৰঞ্জিত কৰাৰ বাবে সন্তৰ্পণে চলে এক পৰিকল্পনা ৷ তাৰ মাজত আইন ৰক্ষকৰ সৈতে ভেটাভেটি ৷ অথবা সামাজিক ৰক্ষণশীলতাৰ সৈতে সংঘৰ্ষ ৷ তথাপি আঁকোৰগোজ ঘাতক ৷ চিত্ৰনাট্যই সময় অনুসৰি কেতিয়াবা শিহৰণ দিয়ে ৷ কেতিয়াবা প্ৰত্যাশিত ৰূপ লয় ৷ মূল চৰিত্ৰৰ প্ৰতি সমবেদনা সৃষ্টি কৰে ৷ কিন্তু শোকদগ্ধ নহয় ৷ মূল চৰিত্ৰ হৰ্ষ বৰ্ধন কাপুৰ আৰু অনিল কাপুৰৰ প্ৰাণৱন্ত অভিনয়ে ছবিখনৰ কাহিনীৰ উত্থান-পতনবোৰ সুন্দৰকৈ ন্যায় দিছে ৷

গেহৰাইয়া

পৰিচালক: শ্বকুন বাট্ৰা

অভিনয়ত: দীপিকা পাডুকন, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে

দীপিকা পাডুকনৰ বহুচৰ্চিত ছবি ‘গেহৰাইয়া’ত আছিল প্ৰেমৰ অন্ধকাৰ দিশটো ৷ ছবিখনত সিদ্ধান্ত ভৰদ্বাজ তথা অনন্যা পাণ্ডেই আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ ‘গেহৰাইয়া’ৰ কাহিনী পাতনিৰপৰা শেহলৈ গতি কৰিছে প্ৰেম, বিশ্বাসঘাতকতা আৰু অপৰাধলৈ ৷ পাৰিবাৰিক অতীতৰ বাবে অশান্ত এগৰাকী ব্যক্তি মানসিকভাৱে হৈ থাকিব পাৰে অত্যন্ত ক্ষণভঙ্গুৰ ৷ 

সেই দুৰ্বলতাৰ বাবে প্ৰথমে কৰা বিশ্বাসঘাতকতাৰ শুধৰণি নহ’ব পাৰে ৷ বৰং ক্ৰমাৎ জটিল হৈ তেওঁ সোমাই পৰিব পাৰে অপৰাধৰ কুটিল জগতত ৷ ‘গেহৰাইয়া’ত প্ৰেম আৰু বিশ্বাসঘাতকতাই শেহৰ পিনে অপৰাধকেন্দ্ৰিক থ্ৰিলাৰৰ ৰূপ লৈছে ৷ চিত্ৰনাট্যৰ এই ৰূপান্তৰ হয়তো দৰ্শকৰ বাবে প্ৰত্যাশিত নাছিল ৷ সেয়াই ছবিখনৰ USP ৷ ছবিখনে মুখ্য চৰিত্ৰ এলিশ্বাৰ বাবে সমবেদনা সৃষ্টি কৰিব বিচৰা নাই । ‘গেহৰাইয়া’ সম্পূৰ্ণৰূপে দীপিকাৰ ছবি ৷ এলিশ্বা কোনো কাৰণতে সাহসী চৰিত্ৰ নহয় । পৰিস্থিতিয়ে এলিশ্বাৰ চৰিত্ৰটোত যিধৰণে পৰিৱৰ্তন আনিছে তাৰ প্ৰতি বোধকৰো দীপিকাৰ প্ৰতিভাইহে ন্যায় কৰিব পাৰে ৷ একেধৰণৰ ধূসৰ চৰিত্ৰ জেইনক সাৱলীলভাৱে জীৱন্ত কৰিছে সিদ্ধান্ত চতুৰ্বেদীয়ে ৷ ত্ৰিকোণ ছাছপেন্সৰ আনটো কোণ টিয়াৰ চৰিত্ৰত অনন্যাও সামৰ্থ্য অনুসৰি প্ৰাণৱন্ত ৷

বধাই দো

পৰিচালক: হৰ্ষবৰ্ধন কুলকাৰ্ণী

অভিনয়ত: ৰাজকুমাৰ ৰাও, ভূমি পেডনেকাৰ, চুম দাৰাং 

‘বধাই দো’ত ভাৰতীয় মধ্যবিত্ত যৌথ পৰিয়াল আৰু তেনে পৰিয়ালত সমকামী প্ৰেমৰ দশা বৰ্ণিত হৈছে ৷ স্বাভাৱিকতে তাত আছে সামাজিক ভণ্ডামিলৈ প্ৰত্যাহ্বানো ৷ দেশত সমকামিতাই বৈধতা লাভ কৰাৰ পাছতো এনে ব্যক্তিসকলৰ দুৰ্দশাই মূলসুঁতিৰ চিনেমাৰ দৃষ্টি আকৰ্ষণ কৰাটো অতি আশাব্যঞ্জক ৷ ইয়াত নিজৰ সমকামী জীৱন গোপনে ৰাখিবলৈ এজন সমকামী পুৰুষ আৰু এগৰাকী সমকামী মহিলাই বিবাহত বহে ৷  ছবিখনে একমাত্ৰ নিজৰ পছন্দৰ জীৱন কটোৱাৰ ইচ্ছাৰ বাবেই এচাম মানুহ কিদৰে অমানৱীয় আচৰণৰ বলি হয় তাক হাস্যৰসেৰে দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ পুৰুষতন্ত্ৰই যে মহিলা আৰু পুৰুষ উভয় পক্ষকে ক্ষতি কৰে তাকো বুজাবলৈ চেষ্টা কৰা হৈছে ৷ কিন্তু সমস্যাটো আছিল হাস্যৰসৰ নামত বলীউদৰ সীমাবদ্ধতা আঁতৰ নোহোৱাত ছবিখন ৰসোত্তীৰ্ণ নহ’ল ৷ এই বিষয়বস্তুক ন্যায় দিবলৈ এতিয়া হাস্যৰসতকৈ গভীৰ ট্ৰীটমেন্ট জৰুৰী ৷ শ্বাৰদুলৰ চৰিত্ৰত ৰাজকুমাৰ ৰাও অনবদ্য ৷ ক্ৰুটিবিহীন ৷ চুমিৰ চৰিত্ৰত ভূমি পেডনেকাৰে নিজক গতানুগতিক চৰিত্ৰৰপৰা বাহিৰত নিয়াৰ সুন্দৰ চেষ্টা কৰিছে ৷ 

এ হলী কন্সপিৰেচী

পৰিচালক: শৈবাল মিত্ৰ

অভিনয়ত: নাছিৰুদ্দিন শ্বাহ, সৌমিত্ৰ চেটাৰ্জী

ধৰ্মীয় বিশ্বাসৰ বিপৰীতে নিজস্ব চিন্তা গঠনৰ অধিকাৰক লৈ নিৰ্মিত এখন সময়োচিত ছবি এইখন। ছবিৰ মূল চৰিত্ৰ এগৰাকী বিজ্ঞান শিক্ষকে সৃষ্টিৰ বাইবেলীয় সূত্ৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ অস্বীকাৰ কৰা বাবেই তেওঁক নিলম্বনেই নহয়, পাছত কাৰাৰুদ্ধও কৰা হয় ৷ তেওঁক আদালতত ন্যায় দিবলৈ আগবাঢ়ি আহে এগৰাকী অধিবক্তা আৰু আদালতৰ মজিয়াত চলে ব্যক্তি স্বাধীনতা, যুক্তি, ধৰ্মীয় মেৰুকৰণক লৈ তীব্ৰ যুক্তিযুদ্ধ । সাম্প্ৰতিক সময়ৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলন ঘটোৱা ছবিখনে নাগৰিকৰ স্বতন্ত্ৰ চিন্তাৰ অধিকাৰৰ প্ৰয়োজনীয়তাৰ পক্ষে থিয় দিছে ৷ নাছিৰুদ্দিন শ্বাহ আৰু সৌমিত্ৰ চেটাৰ্জীৰ দৰে জ্যেষ্ঠ অভিনেতাৰ লগতে কৌশিক সেন আৰু অমৃতা চেটাৰ্জীৰ অভিনয়সমৃদ্ধ ছবিখন নিঃসন্দেহে ২০২২ৰ অন্যতম ৰাজনৈতিক ভাৱোদ্দীপক ছবি ৷

যোগী

পৰিচালক: আলী আব্বাছ জাফৰ

অভিনয়ত: দিলজিত ডোছান, আমাইৰা দস্তুৰ, হিতেন তেজৱানি

১৯৮৪ত দিল্লীত সংঘটিত শিখ গণহত্যাৰ আলমত বহু ছবি নিৰ্মাণ হৈছে ৷ কিন্তু ‘যোগী’ৰ কৃতিত্ব এয়াই যে ছবিখনে চৰিত্ৰৰ ব্যক্তিগত যাতনাসমূহ দৰ্শকৰ ওচৰলৈ অনাত সফল হৈছে ৷ কেৱল ৰাজনৈতিক ইতিহাসমূলক ছবি হৈ পৰাৰ সলনি চৰিত্ৰ নিৰ্মাণত ই সময় বিনিয়োগ কৰিছে আৰু ইয়াৰদ্বাৰাই ছবিখনে সফলতাৰে নিজৰ বক্তব্য দাঙি ধৰিছে ৷ ছবিৰ মূল চৰিত্ৰ যোগীয়ে ভয়ানক সাম্প্ৰদায়িক হিংসাৰ গৰাহত পৰা নিজৰ পৰিয়ালৰে নহয়, সমগ্ৰ শিখ সম্প্ৰদায়ক ৰক্ষা বাবে দুই বাল্যবন্ধুক লৈ কৰা সংগ্ৰাম আৰু ইয়াৰ বিনিময়ত কৰা চৰম ত্যাগে সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে আমাৰ বিবেক জাগ্ৰত কৰে ৷ ছবিৰ চিত্ৰনাট্য আৰু নিৰ্মাণৰ ধৰণে হিংসাৰ ভয়াৱহতাক তুলি ধৰিছে বিবেক জোঁকাৰি যোৱাকৈ ৷ মূল চৰিত্ৰত দিলজিত ডোছানে জীৱনৰ শ্ৰেষ্ঠতম অভিনয় কৰিছে ৷ আন আন চৰিত্ৰত পৰেশ পাহুজা, জীশ্বান আয়ুব, কুমুদ মিশ্ৰই ১৯৮৪ৰ দিল্লীৰ সেই ক’লা অধ্যায়ৰ জীয়া চৰিত্ৰবোৰক সম্পূৰ্ণ ন্যায় দিবলৈ সক্ষম হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply