চামগুৰি – জীৱন অনুপম। জীয়াই থাকিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে জীৱন যুঁজৰ সংগ্ৰামত অবৰ্তীৰ্ণ হ’ব লগা হয়। জীৱন যুঁজৰ এই সমগ্ৰাম কিন্তু সাধাৰণ মানুহৰ সংগ্ৰামতকৈ শাৰিৰীকভাৱে অক্ষম লোক সকলৰ বাবে বহু কঠিন। এনে দুগৰাকী শাৰিৰীকভাৱে অক্ষম লোকৰ বাবে পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰাইজে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।
যাত্ৰীবাহী ৰেলত গীত গাই নিজৰ পৰিয়ালৰ পোহপাল দিয়া সুৰেশ চন্দ্ৰ কলিতা আৰু মামণি কলিতা নামৰ দিব্যাংগ দম্পত্তি হালে লকডাউনৰ পিছৰে পৰা সন্মুখীন হ’বলগীয়া হৈছে এক হাহাকাৰ পৰিস্থিতিৰ। লকডাউনৰ ফলত যাত্ৰীবাহী ৰে’ল সমূহ বন্ধ হৈ পৰাত উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে সুৰেশ চন্দ্ৰ কলিতা আৰু মামণি কলিতা নামৰ দিব্যাংগ দম্পত্তি হালৰ। জীৱন নিৰ্বাহ কৰাৰ বাবে নিজৰ একমাত্ৰ কন্যা সন্তানটিকে সাৰথি কৰি মানুহৰ ঘৰে ঘৰে খুজি মাগি চলিব লগা এক পৰিৱেশ আহি পৰিল দুয়োৰে বাবে।
অঘৰী দম্পত্তি হালে মানুহৰ ঘৰে ঘৰে খুজি মাগি ঘূৰি ফুৰোতেই পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰাইজে দিব্যাংগ দম্পত্তি হালক থকাৰ এক সুব্যৱস্থা কৰি দিয়ে। পৰিতক্ত অৱস্থাত থকা গায়ন বৈৰাগী গাঁৱৰ এখন বিদ্যালয়ৰ এটি কোঠাতে স্থানীয় ৰাইজে আশ্ৰয় প্ৰদান কৰে দম্পত্তি হালক। ১৯৯৪ চনতে বঢ়মপুৰ শ্ৰীমন্ত শঙ্কৰ মিছন অন্ধ বিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সুৰেশ চন্দ্ৰ কলিতাই নিজৰ জীৱন সংগ্ৰাম চলাই যোৱাৰ বাবে বৰ্তমান নিজৰ কন্যাৰ সহায়ত পুৱাই ঘৰৰ পৰা ওলাই মানুহৰ ঘৰে ঘৰে খুজি মাগি জীৱন অতিবাহিত কৰিছে।
পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰাইজৰ সহায়ত এটি আশ্ৰয় গৃহ লাভ কৰি দম্পত্তি হালে নিজৰ কন্যাৰ লগতে খুজি মাগি হ’লেও নিজৰ সংসাৰ চলাই যোৱাৰ লগতে ছোৱালী জনীকো স্কুলীয়া শিক্ষা গ্ৰহন কৰা সুবিধা কৰি দিছে। বৰ্তমান সুৰেশ চন্দ্ৰ কলিতা আৰু মামণি কলিতা নামৰ দিব্যাংগ দম্পত্তি হালৰ কন্যা অষ্টম মান শ্ৰেণীত অধ্যয়ন কৰি আছে।