APSCৰ ফলাফল ঘোষণাৰ নির্দেশ

গুৱাহাটী– ২০১৮ চনত অনুষ্ঠিত হোৱা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্রদান কৰিছে| এই সন্দর্ভত দাখিল হোৱা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰি আয়োগক ফলাফল ঘোষণাৰ অনুমতি প্রদান কৰিছে | ন্যায়ালয়ে ফলাফল ঘোষণাৰ বাবে অনুমতি দিছে যদিও কেতবোৰ চর্ত লগতে বান্ধি দিছে | সেই অনুসৰি ৬টা পদ এৰি ফলাফল ঘোষণা কৰিব পাৰিব |

অসম অসামৰিক সেৱাৰ তিনিটা পদকে ধৰি আয়কৰ আৰু শ্রম পৰিদর্শকৰ পদ খালী ৰাখিবলৈ নির্দেশ দিছে ন্যায়ালয়ে৷ উল্লেখ্য যে ২০১৮ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ভুল এনছাৰ কী অন্তর্ভুক্ত হোৱাৰ বাবে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে দুবাৰ ফলাফল ঘোষণা কৰিছিল | মুঠ ৩৬,২৩২গৰাকী প্রার্থী এই পৰীক্ষাত অৱতীর্ণ হৈছিল৷ ইয়াৰ ভিতৰত ৩,৩৬১গৰাকী প্রার্থী উত্তীর্ণ হৈছিল৷ কিন্তু ইয়াৰ মাজতে এ পি এছ চিয়ে আন এখন তালিকা প্রকাশ কৰিছিল |

বিষয়টো উচ্চ ন্যায়ালয়ত উত্থাপন হয় আৰু নতুনকৈ ২১জনক মূল পৰীক্ষাত বহিবলৈ অনুমতি দিয়ে৷ মুঠ ৩,২১৮গৰাকী প্রার্থী মূল পৰীক্ষাত অৱতীর্ণ হয়৷ অৱশ্যে মূল পৰীক্ষাৰ লগতে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ নির্দেশ দিলেও আদালতৰ অনুমতি অবিহনে ফলাফল ঘোষণা নকৰিবলৈ নির্দেশ দিয়া হৈছিল৷ সেই অনুসৰি শেহতীয়াকৈ আয়োগে বন্ধ খামত দাখিল কৰিছিল ফলাফল৷ ইয়াৰ ভিত্তিতে ৬ আবেদনকাৰীৰ আবেদন অনুসৰি পদ খালী ৰাখি আন পদসমূহৰ ফলাফল ঘোষণা কৰিবলৈ বুধবাৰে অনুমতি প্রদান কৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply