প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী– বিশ্বত্ৰাসী মহামাৰী কৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে সীমিত সংখ্য়ক শিক্ষাৰ্থীৰে শিক্ষানুষ্ঠানসমূহ খোলা হৈছিল যদিও ১জানুৱাৰীৰ পৰা ৰাজ্যজুৰি নিয়মিতভাৱে আৰম্ভ হ’ব স্কুল কলেজ। প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈ সকলো পৰ্যায়লৈকে নিয়মিত শ্ৰেণী সমূহ অনুষ্ঠিত হ’ব। এই মন্তব্য় কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান সময়ত ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা কমিছে যদিও শেহতীয়াকৈ নতুন লক্ষণ থকা কৰোণা ভাইৰাছত শংকাতো ভুগিছে অসম। তেনে অৱস্থাত ৰাজ্য় চৰকাৰৰ এই সিদ্ধান্তই চিন্তিত কৰি তুলিছে অভিভাৱকসকলক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply