কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

তেজপুৰ- পিএমএৱাই গৃহ আৱণ্টনৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা বন্ধৰ দাবীত বিহগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। শোণিতপুৰ জিলাৰ ৭২ নং বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত তেজপুৰ ৰাজহচক্ৰ এলেকাৰ বিহগুৰি উন্নয়ন খণ্ডৰ একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে দীৰ্ঘদিনৰে পৰা বিভিন্ন চৰকাৰী আচঁনিত চলাই আহিছে দুৰ্নীতি।

এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বৃহস্পতিবাৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু সংগঠনটোৰ ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে বিহগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মকৰ্তা আৰু দুৰ্ভগীয়া লোকসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ‘বিহগুৰি উন্নয়ন খণ্ডত চলি থকা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰক’, ‘দৰিদ্ৰ ৰাইজৰ পইচা আত্মসাৎ কৰা বিষয়া-কৰ্মচাৰী সকল হুচিয়াৰ’, ‘বিহগুৰি উন্নয়ন খণ্ডৰ দুৰ্নীতিপৰায়ণ খণ্ড উন্নয়ন বিষয়া হুচিয়াৰ’, ‘দুৰ্নীতিৰ নায়িকা কনিষ্ঠ অভিযন্তা মেঘালী শইকীয়াক গ্ৰেপ্তাৰ কৰক’, ‘জব কাৰ্ড শ্ৰমিকক ১০০দিনৰ শ্ৰমদান প্ৰদান কৰক’, ‘প্ৰতিটো দৰিদ্ৰ পৰিয়ালক পিএমএৱাই গৃহ প্ৰদান কৰক’, ‘পঞ্চায়ত সমূহত পুনৰ জিঅ’টেক কৰাৰ ব্যাৱস্থা কৰক’, আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়াৰ লগতে বিহগুৰি উন্নয়ন খণ্ডৰ দুৰ্নীতিপৰায়ণ কনিষ্ঠ অভিযন্তা গৰাকীক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰ মেডিকেল কলেজৰ সন্মুখৰ পৰা সমদল কৰি আহি বিহগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰবেশদ্বাৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইপিনে দুৰ্নীতিকাৰী বিষয়া- কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকল অধিক উত্তেজিত হৈ পৰাত প্ৰশাসনৰ তৰফৰ পৰা দুৰ্নীতিকাৰী সকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰবলৈ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply