প্রশাসনৰ উচ্ছেদ অভিযান

বৰপেটা– সৰুপেটা ৰাজহ চক্রৰ অন্তর্গত কদমতলা বজাৰত প্রশাসনে চলাই উচ্ছেদ অভিযান। অঞ্চলটোৰ এক বৃহৎ এলেকা আৱৰি একাংশ লোকে অবৈধভাৱে স্থাপন কৰা কদমতলা বজাৰত উচ্চ ন্যায়ালয়ৰ নির্দেশক্রমে চলাই এই উচ্ছেদ অভিযান।

চাউলীয়াবৰী গাঁও পঞ্চায়তৰ অধীনৰ চাউলীয়াবৰী ৰিজার্ভত থকা ২৩ বিঘা ১৪ লেচা, নাওসৰকা পথাৰৰ ২২৯নং দাগৰ ১০০ বিঘা, ৫২নং দাগৰ ৪৭৮ বিঘা ১ কঠা ৮ লেচা মাটিকালি আৱৰি থকা বৃৃহৎ চৰকাৰী গো–চৰণীয়া পথাৰখনত বিগত বহু বছৰ ধৰি একাংশ লোকে অবৈধভাৱে বহু সৰু–বৰ ব্যৱসায়িক প্রতিষ্ঠান, বাসগৃৃহ, প্রাইভেট স্কুল, উদ্যোগ–প্রতিষ্ঠান আদিকে ধৰি বহু অনুষ্ঠান–প্রতিষ্ঠান নির্মাণ কৰিছিল ৷ ২০১৭ চনতে চৰকাৰে উচ্ছেদ অভিযান চলাই ৰিজার্ভত অবৈধভাৱে নির্মাণ কৰা বহু বাসগৃৃহ, দোকানগৃৃহ, মছজিদ আদি উচ্ছেদ কৰি ৰিজার্ভখন বেদখলমুক্ত কৰাৰ প্রয়াস কৰিছিল প্রশাসনে ৷

কিন্তু এই উচ্ছেদ অভিযান প্ৰশাসনে আধাতে সামৰিব লগা হৈছিল ৷ এই উচ্ছেদ অভিযান আধাতে কিয় সামৰিব লগা হ’ল বুলি প্ৰশ্নৰ উত্থাপন কৰাৰ উপৰি এই উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰি উক্ত চৰকাৰী গো–চৰণীয়া পথাৰখন বেদখলমুক্ত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি সৰুপেটাৰ সমাজকর্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সঞ্জয় কুমাৰ মেধিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ মর্মে মঙলবাৰে সৰুপেটা ৰাজহ চক্র বিষয়া প্রাঞ্জল প্রতিম কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল বাহিনীসহ প্রশাসনৰ দল এটাই এক্সেভেটৰ লৈ কদমতলা বজাৰখন এফালৰ পৰা উচ্ছেদ কৰে ৷ উচ্ছেদ অভিযানত অবৈধভাৱে নির্মাণ কৰা প্রায় ৬৫খন সৰু–বৰ ব্যৱসায়িক প্রতিষ্ঠান, এখন প্রাইভেট স্কুল, জিৰণি চ’ৰা আদি ভাঙি অবৈধভাৱে স্থাপন কৰা কদমতলা বজাৰ সম্পূর্ণভাৱে উচ্ছেদ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply