প্ৰশাসনে ছীল কৰিলে মাৰ্কাজ দাৰুল য়াতামা

নিউজ ডেস্ক– এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অসম চৰকাৰে তীব্ৰতৰ কৰিছে অভিযান। হোজাই জিলাৰ লংকাত অৱস্থিত বদৰুদ্দিন আজমলৰ মাকাজ দাৰুল য়াতামা ছীল কৰি দিছে প্ৰশাসনে। মাৰ্কাজ দাৰুল য়াতামা শিশুসকলৰ অনাথ আশ্ৰম। শিশুসকলৰ অধিকাৰ ক্ষেত্ৰত থকা নীতি নিদেৰ্শনাক অমান্য কৰা তথা শিশু অধিকাৰ খৰ্ব হোৱাৰ অভিযোগত NCPCR (National commision for protection of child right) ৰ গোচৰৰ ভিত্তিত হোজাই জিলা প্ৰশাসনে বন্ধ কৰাৰ নিৰ্দেশ দিলে আজমলৰ NGO মাৰ্কাজ দাৰুল য়াতামা ।

উল্লেখ্য় যে বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে জড়িত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পূৰ্বে আজমল ফাউণ্ডেচন বিৰুদ্ধে দাখিল কৰা এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি মার্কাজুল মাৰিফে তুৰস্কৰ বেচৰকাৰী সংগঠন ইনচানী য়ার্ডিম ৱাকফি (আই এইচ এইচ)ৰ পৰা সময়ে সময়ে বৃহৎ অংকৰ পুঁজি লাভ কৰি আহিছে ৷

বিশ্বজুৰি সন্ত্রাসৰ সৃষ্টি কৰা দুর্ধর্ষ উগ্রবাদী সংগঠন আল–কায়দাৰ সৈতে আই এইচ এইচৰ প্রত্যক্ষ সম্পর্ক থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ এনে এটা সংগঠনৰ পৰা বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মার্কাজুল মাৰিফে পুঁজি লাভ কৰা বুলি উত্থাপিত অভিযোগে স্বাভাৱিকতে বিতর্কৰ সৃষ্টি হৈ থকাৰ সময়তে বিদেশী পুঁজি (নিয়ন্ত্রণ) আইন উলংঘা কৰি আজমল ফাউণ্ডেচনৰ জৰিয়তে মার্কাজুল মাৰিফে চীনৰ এক প্রতিষ্ঠানৰ পৰাও ধন সংগ্রহ কৰাৰ এক অভিযোগ উত্থাপন হৈছিল।

আজি National commision for protection of child rightৰ গোচৰৰ ভিত্তিত প্ৰশাসনে ছীল কৰিলে মাৰ্কাজ দাৰুল য়াতামা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply