অতীন দাসলৈ ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১

গুৱাহাটী – অতীন দাসলৈ ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১। প্রতি বছৰৰ দৰে এইবাৰাে অসম চৰকাৰে ২৬ জানুৱাৰীত প্রদান কৰিব ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা’। এইবাৰ ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১’ আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ। গণৰাজ্য দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ সৌজন্যত প্রদান কৰা এই বঁটাত আছে এক লাখ টকা, প্রশস্তি পত্র, স্মাৰক, অংগ বস্ত্র, এখন শৰাই আৰু গামােছা। ১৯৬২ চনত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত ষ্টীঞ্জাৰ হিচাবে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা অতীন দাসে ১৯৬৬ চনত শিলচৰৰ পৰা প্রকাশিত ‘বৰাক’ নামৰ সাপ্তাহিক কাকতখন সম্পাদনা কৰে।

১৯৭০ চনৰ পৰা ‘সাপ্তাহিক যুগশঙ্খ’ কাকতখনৰ কাৰ্যবাহী সম্পাদক হিচাবে কার্যনির্বাহ কৰি জ্যেষ্ঠ সাংবাদিক অতীন দাসে ১৯৯০ চনৰ পৰা ২০০৪ চনলৈ ‘দৈনিক যুগশঙ্খ’ৰ সম্পাদকৰ দায়িত্ব পালন কৰে। পিছলৈ এবছৰৰ বাবে জ্যেষ্ঠ সাংবাদিক অতীন দাসে গুৱাহাটীৰ পৰা প্রকাশিত ‘দৈনিক সংবাদ লহৰী’ কাকতখনৰ মুখ্য সম্পাদক হিচাবে কার্যনির্বাহ কৰে।

তদুপৰি, জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে মালাবাৰ হেৰল্ড, দৈনিক বসুমতী, আনন্দবাজাৰ পত্রিকা, আসাম এক্সপ্ৰেছ, হিন্দুস্তান ষ্টেণ্ডার্ড, নৱ-ভাৰত আৰু সত্যযুগৰ সংবাদদাতা হিচাবে কার্যনির্বাহ কৰে। ইয়াৰ লগতে আলােক, অৰুণােদয় আৰু দৈনিক গতিৰ সহযােগী সম্পাদক হিচাবেও কাম কৰে।

এগৰাকী লেখক হিচাবেও সুনাম থকা অতীন দাসৰ ৫০ খনতকৈও অধিক গ্রন্থ প্রকাশ হৈছে। এগৰাকী জনপ্রিয় স্তম্ভলেখক দাসৰ লেখাই দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পর্যায়তাে সুনাম বুটলিবলৈ সক্ষম হৈছে। শিলচৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক অতীন দাসে এতিয়াও নিয়মীয়াকৈ বিভন্ন বিশ্ববিদ্যালয়, প্রতিষ্ঠান আদিৰ দ্বাৰা আয়ােজন কৰা আলােচনা চক্ৰ আদিত অংশগ্ৰহণ কৰাৰ লগতে সাম্প্রতিক বিষয়সমুহৰ সন্দৰ্ভত বলিষ্ঠভাৱে নিজৰ মতামত আগবঢ়াই আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply