যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

চিৰাং – চিৰাংৰ পানবাৰীত ফৰেষ্ট গাৰ্ডৰ ৰহস্যজনক আত্মহত্যা। বিভাগীয় ভাৱে মানসিক-শাৰিৰীক অত্যাচাৰৰ বলি হোৱাৰ অভিযোগ। হত্যা কৰি চিপলোৱা বুলি দেখুৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। পৰিয়ালৰ লোকে দণ্ডাধীশৰ উপস্থিতিত মৰুণোত্তৰ পৰিক্ষা হ’ব লাগে বুলি দাবী জনায়, অন‍্যথা মৃতদেহ চমজি নলয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

চিৰাং জিলাৰ পানবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ফৰেষ্ট গাৰ্ডৰ ৰহস্যজনক আত্মহত্যা। আত্মহত্যা কৰা ফৰেষ্ট গাৰ্ড জনৰ নাম উৎপল বৰ্মন। জিলাখনৰ চিদলীৰ বাসিন্দা আছিল উৎপল বৰ্মন। পৰিয়াল সুত্ৰে দাবী কৰে যে ফৰেষ্ট গাৰ্ড উৎপল বৰ্মন মানাহৰ গাভৰুখুন্দা বিটত কৰ্মৰত আছিল তাতেই কেইজনমান সতিৰ্থৰ সৈতে যোৱা ৪ জানুৱাৰীত সহাপহু হত্যা কৰি ভোজ খোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পিছতে বিভাগীয় তদন্তৰ সন্মুখীন হৈছিল অভিযুক্ত বন কৰ্মী কেইজন।

তদন্তৰ প্ৰক্ৰীয়াৰ মাজতে বিভাগীয়ভাৱে মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ বলি হৈছিল ফৰেষ্ট গাৰ্ড উৎপল বৰ্মন বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। শনিবাৰে মানাহৰ বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ত তদন্তৰ নামত শাৰীৰিক অত্যাচাৰৰ বলি হোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। উৎপল বৰ্মন নিশা পানবাৰী বনাঞ্চলিক বিষয়া অভিজিত দুৱৰাৰ তত্বাৱধানত আছিল আৰু তাতেই মাজ নিশা চিপলৈ আত্মহত্যা কৰে বন কর্মীজনে।

আত্মহত্যা কৰা ফৰেষ্ট গাৰ্ড উৎপল বৰ্মনৰ ভাতৃ উত্তম কুমাৰ বৰ্মনে অভিযোগ কৰে যে নিশা তেওঁলোকক অত্যাধিক মাৰপিট কৰিছিল তদন্তৰ নামত। নিশা তদন্তৰ নামত মাৰপিট কৰাৰ পিছত বনাঞ্চলিক বিষয়াই আনি ঘৰত ৰাখিছিল বন কর্মী কেইজনক। উৎপল বৰ্মনৰ মোবাইল ফোনখনো বনাঞ্চলিক বিষয়া গৰাকীয়ে লৈ যোৱা বুলি জানিবলৈ দিয়ে উৎপল বৰ্মনৰ ভাতৃয়ে। পৰিয়ালৰ লোকৰ সন্মুখতে উৎপল বৰ্মনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোক। পুৱাৰ ভাগত পৰিয়ালৰ লোকে চিপলোৱা মৃতদেহ দেখি কয় যে এয়া পৰিকল্পিত হত্যাকাণ্ড।

উৎপল বৰ্মনৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। ইপিনে এই বিষয়ে পানবাৰী বনাঞ্চলিক বিষয়া অভিজিত দুৱৰাই কয় যে “হয় ইয়াত তদন্ত এটা হৈ আছিল। এনে সময়ত বিভাগীয় তদন্তৰ মাজতে সঞ্চালকে নিজে মাতিলৈ সোধপোচ কৰিছে। বিভাগীয় কি হয় সেয়া পিছৰ কথা মোক দিয়া দায়িত্ব অনুসৰি মই আনি থকাৰ ব্যৱস্থ্যা কৰিছিলো। তাৰ মাজতে নিশা এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে”। উল্লেখ‍্য যে যোৱা ২০১৮ চনতো পানবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ২০১৮ চনতো পানবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত এজন বন কর্মীক হত‍্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত পানবাৰী আৰক্ষীৰ দল এটা উপস্থিত হয়। আৰক্ষীয়েইতিমধ্যে বন কর্মী উৎপল বৰ্মনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে জিলা সদৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বন কর্মী জনৰ পৰিয়ালৰ লোকে দণ্ডাধীশৰ উপস্থিতিত মৰুণোত্তৰ পৰিক্ষা হ’ব লাগে বুলি দাবী জনায়, অন‍্যথা মৃতদেহ চমজি নলয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply