অখিল গগৈৰ জামিন নাকচ Credit: টুইটাৰ

গুৱাহাটী- অখিল গগৈৰ জামিন আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ তিনি জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল জামিনৰ শুনানি । ন্যায়াধীশ এন ভি ৰমন, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে গগৈৰ জামিনআবেদন নাকচ কৰি কয়, ” আমি এই পৰ্যায়ৰ আবেদনৰ ওপৰত বিবেচনা নকৰো।”

অৱশ্যে বিচাৰপীঠে অধিবক্তা ৰুণামণি ভূঞাক কৈছিল যে বিচাৰ আৰম্ভ হোৱাৰ পিছত আবেদনকাৰীয়ে জামিনৰ বাবে শীৰ্ষ আদালতৰ কাষ চাপিব পাৰে।

৭ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল অখিলৰ জামিন । ন্যায়ধীশ কল্যান ৰায় চোৰানা আৰু অজিত বৰঠাকুৰৰ আদালতে নাকচ কৰিছিল গগৈৰ জামিন। তাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল অখিল গগৈ ।

২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত নামি পৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply