তিনিখন বাইকসহ ভস্মীভূত দুখন দোকান Credit: অসম-মেঘালয় সীমান্তৰ চাটিভূই বজাৰত ভয়াবহ অগ্নিকাণ্ড

মানকাচৰ – দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ চাটিভূই বজাৰত পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত তিনিখনকৈ বাইকসহ দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় ১৫ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

উল্লেখযোগ্য যে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত অসম-মেঘালয় সীমান্তৰ চাটিভূই বজাৰত হঠাৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত বজাৰখনত থকা জহিৰুল ইছলাম আৰু আছমত আলী নামৰ দুজন ব্যৱসায়ীৰ দুখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বজাৰখনত প্ৰায় ১০-১২ বছৰ ধৰি মটৰ চাইকেল মেৰামটি দোকান খুলি ব্যৱসায় কৰি আহিছিল ব্যৱসায়ী দুজনে কিন্তু হঠাৎ ৰহস্যজনকভাৱে পুৱতি নিশা দোকান দুখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত দোকানৰ ভিতৰত থকা দুখন বাইকসহ সকলো সামগ্ৰী ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ থকাৰ সময়ত বজাৰখনত থকা আন একাংশ ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোবাধা আৰক্ষীক খবৰ দিয়াৰ লগতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত গাৰোবাধা আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জহিৰুল ইছলাম নামৰ ব্যৱসায়ীজনে জানিবলৈ দিয়া মতে তেওঁৰ দোকানত তিনিখনকৈ মটৰ চাইকেল, মটৰ চাইকেলৰ মেৰামতিৰ বাবে বিভিন্ন ধৰনৰ নতুন সামগ্ৰীসহ যাৱতীয় সকলো সামগ্ৰী ভূস্মীভূত হৈ প্ৰায় ১২ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হৈছে। একেদৰে আছমত আলীৰো প্ৰায় তিনি লাখ টকাৰ ক্ষতি সাধন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply