প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নাজিৰা- নাজিৰাৰ বালিঘাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তি।

শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত এই ভয়ংকৰ অগ্নিকাণ্ডটি সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

আৰু পঢ়কঃ নতুন ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা মন্ত্ৰী ৰঞ্জিত দত্তৰ

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

বন্তি হাজৰিকা নামৰ এগৰাকী মহিলাৰ বাসগৃহত এই দুৰ্ঘটনা সংঘটিত হয়।

মহিলাগৰাকীৰ পুত্ৰ আগন্তুক ২০২১বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থী।

তেওঁৰ সকলো কিতাপ-পত্ৰৰ লগতে উল্লেখযোগ্য নথি-পত্ৰয়ো জুইত জাহ যায়৷

আৰু পঢ়কঃ মানকাচৰত ৭ জনৰ মনোনয়ন পত্ৰ বৈধ, ২ জনৰ নাকচ, ১ জনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply