গুৱাহাটী : হোজাই জিলাৰ লংকা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত সংঘটিত হৈ ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। লংকাত ৭০ লাখ টকাৰ সামগ্ৰী ভস্মীভূত হোৱাৰ বিপৰীতে হাটশিঙিমাৰীত জুইত জাহ গৈছে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। দুয়োটা অগ্নিকাণ্ডৰ ঘটনা শ্বৰ্ট চাৰ্কিতৰ ফলত সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

হোজাই জিলাৰ লংকাত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭০ লাখ টকাৰ সামগ্ৰী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। লংকাৰ উদালী তিনীআলী বজাৰত মঙলাবাৰে নিশাৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডত বজাৰখনৰ ১৪ খন দোকান সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিতৰ ফলতে এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডত ভস্মীভূত হোৱা ১৪ খন দোকানৰ প্ৰায় ৭০ লাখ টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়। ইফালে ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ভীমাপাৰাত মঙলাবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত এজন লোকৰ ঘৰত শ্বৰ্ট চাৰ্কিতৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ঘটনাত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।

ভীমাপাৰাৰ জাকিৰ হুচেইন নামৰ লোকজনৰ ঘৰত হঠাৎ শ্বৰ্ট চাৰ্কিতৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাত লগে লগে ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ঘৰখনৰ লগতে ঘৰৰ ভিতৰত থকা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। অৱশ্যে হাটশিঙিমাৰী অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা গাঁওখন ৰক্ষা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply