দুধনৈ : স্বগৃহলৈ লৈ অনা হ’ল শ্বহীদ বাবলু ৰাভাৰ নিথৰ দেহ। ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল অসম সন্তান বাবলু ৰাভা। সোমবাৰে পুৱা প্ৰায় ৪.৩০ বজাত দুধনৈস্থিত শ্বহীদ গৰাকীৰ গৃহত আহি পায় শ্বহীদ গৰাকীৰ নিথৰ দেহ৷

গোৱালপাৰা জিলাৰ দুধনৈৰ দামৰাত এক শোকাকুল পৰিৱেশ। সোমবাৰে পুৱাৰ ভাগত ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসম সন্তান বাবলু ৰাভাৰ নিথৰ দেহ আহি উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা যায় দামৰাত।

দামৰাত শ্বহীদ বাবুল ৰাভাৰ নিথৰ দেহ আহি উপস্থিত হোৱাৰ পিছত শ্বহীদ গৰাকীৰ বাসগৃহত পৰিয়ালৰ লোক সকলৰ লগতে অঞ্চলবাসী ৰাইজ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদ গৰাকীক। দুপৰীয়াৰ ভাগত জন্মস্থানতে শ্বহীদ গৰাকীৰ শেষকৃত সম্পন্ন কৰা হ’ব। মাওবাদীৰ লগত নিৰাপত্তাৰক্ষীৰ সংঘর্ষত নিহত হোৱা বাবলু ৰাভা দুধনৈৰ প্ৰথম গৰাকী শ্বহীদ৷

উল্লেখ্য যে শনিবাৰে ছত্তিশগড়ত মাওবাদীৰ লগত নিৰাপত্তাৰক্ষীৰ সংঘর্ষত শ্বহীদ হৈছিল অসম সন্তান বাবলু ৰাভা। ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ এখন গভীৰ অৰণ্যত মাওবাদীৰ সৈতে হোৱা এক সংঘর্ষত পাঁচজনকৈ নিৰাপত্তাৰক্ষীৰ জোৱান শ্বহীদ হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply