ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈ

নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান।

শুকুৰবাৰে পুৱা দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতালত মৃত্যু বৰণ কৰে শান্তি গগৈয়ে।

চকুৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে দিল্লীত চিকিৎসাধীন হৈ আছিল শান্তি গগৈ।

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত সমাজ সেৱিকা শান্তি গগৈৰ চকুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাচতেই স্বাস্থ্যৰ অৱনতি ঘটে আৰু অৱশেষত দেহাৱসান ঘটে।

আৰু পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ পৰাজয়

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬বছৰ।

শান্তি গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী আছিল।

২০১৮চনৰ ছেপ্তেম্বৰত শান্তি গগৈৰ জীৱনৰ আধাৰত লিখা ”সোঁৱৰণীৰ ৰঙীন পাত” নামৰ এখন আত্মজীৱনীয়ো উন্মোচন কৰা হৈছিল।

যোৱা বৰ্ষৰ এপ্ৰিল মাহত শান্তি গগৈয়ে প্ৰধানমন্ত্ৰী পুঁজি লৈ ১লাখ টকা সাহাৰ্য আগবঢ়াইছিল।

আনহাতে শান্তি গগৈ বিভিন্ন সমাজ সেৱাৰ লগতো জড়িত আছিল।

তেওঁ ‘‘সেৱা” (Socio Educational Welfare Association ) নামৰ এটা এনজিঅ’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

শান্তি গগৈয়ে ১৯৩৪চনৰ ৩০আগষ্টত জন্মগ্ৰহণ কৰিছিল।

তেওঁৰ পিতৃ আছিল যোগেশ চন্দ্ৰ বৰগোহাঁই বিধান পৰিষদৰ এগৰাকী সদস্য আৰু মাতৃ পদ্ম কুমাৰী গোহাঁই এগৰাকী ৰাজনীতিবিদ আছিল।

আৰু পঢ়কঃমানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুচনীমাৰাত ধুমুহাৰ তাণ্ডৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,657 other subscribers

Leave a comment

Leave a Reply