মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুচনীমাৰাত ধুমুহাৰ তাণ্ডৱ। উৰুৱাই নিলে এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়। ধুমহাৰ ফলত কৃষকৰ বিস্তৰ ক্ষতি সাধন।

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত ধুমুহাই তাণ্ডৱ চলায়। ধুমুহাই এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয় উৰুৱাই নিয়াৰ লগতে কৃষক সকলৰ খেতি তহিলং কৰাত কৃষকৰ বিস্তৰ ক্ষতি সাধন হয়।

ভাৰত বাংলাদেশ সীমান্তৰ আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰাত প্ৰচণ্ড ধুমুহাৰ আৰু বৰষুণ হয়। ধুমুহাৰ ফলত ঠায়ে ঠায়ে গছ গছনি ভাঙি পৰাৰ লগতে গাঁওখনত থকা লিটিল ফ্লৱাৰ জাতীয় বিদ্যালয়ৰ গৃহ ধুমুহাৰ ফলত তচনচ হয়।

ফ্লৱাৰ জাতীয় বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়ে ধুমুহাই। কৃষি প্ৰধান এলেকা গাঁওখনৰ একাংশ কৃষকৰ বিভিন্ন শাক পাচলিৰ খেতিও ধুমুহাই তহিলং কৰাত কৃষক সকলৰ বিস্তৰ ক্ষতি সাধন হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply