নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাক লৈ সতৰ্কতা জাৰি কৰিছে কামৰূপ মেট্ৰ’ৰ জিলা উপায়ুক্তই৷ বিগত কিছুদিনত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই এতিয়াৰ পৰা ১০,৫০০টা দৈনিক টেষ্ট কৰা হ’ব বুলি জানিবলৈ দিয়ে।

পজিটিভ হ’লে সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰা হ’ব। সোণাপুৰ, MMCH, কালাপাহাৰ হাস্পতাল সাজু হৈছে। লগতে হোম আইলেশ্যনত থকাসকলৰ ওচৰলৈ দৈনিক স্বাস্থ্যকৰ্মী যাব। প্ৰয়োজনত মহানগৰীত ১৪৪ ধাৰাৰ কথা চিন্তা কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে৷ মাস্ক নিপিন্ধিলে জৰিমনা হ’ব ৫০০ টকালৈ। ষ্টেচন আৰু এয়াৰপোৰ্টত যাত্ৰীৰ টেষ্টিং চলি আছে। সৰুসজাইত পুনৰ এটা টেষ্টিং চেণ্টাৰ হোৱাৰ কথাও উল্লেখ কৰে৷

আৰু পঢ়কঃকভিড টেষ্ট কৰিহে দৰ্শন কৰিব পাৰিব মা কামাখ্যা

কাইলৈ বা পৰহিৰ পৰা চিটী বাছৰ ড্ৰাইভাৰ, হেণ্ডিমেনক ভেকচিন দিয়া হ’ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।

বিশ্বনাথত পুনৰ দুজনৰ দেহত ক’ভিড-১৯ৰ উপস্থিতিয়ে দেখা দিছে। 

ইয়াৰে এগৰাকী ‘বিশ্বনাথ মহাবিদ্যালয়’ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ ছাত্ৰী।

আনজন হৈছে ৰতন বসুমতাৰী।

আৰু পঢ়কঃকামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কভিড-১৯ পৰীক্ষাৰ তিনিদিনীয়া কাৰ্যসূচী

বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে আজি ‘বিশ্বনাথ মহাবিদ্যালয়’ৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাস্হ্য বিভাগে ক’ভিড এণ্টিজেন টেষ্ট কৰিছিল।

ইফালে ওদালগুৰি জিলাৰ ৰতন বসুমতাৰী ৰে’লত বাদাম বিক্ৰী কৰি বিশ্বনাথ চাৰিআলি ৰে’ল ষ্টেচনত নামিছিল।

বিশ্বনাথৰ ৰে’ল ষ্টেচনত কৰা ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফলত ক’ভিড ক’ভি়ড আক্ৰান্ত বুলি চিনাক্ত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply