ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ ওপৰত আক্ৰমন

ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ মনোহৰ পেগুক যোৱা নিশা ৩ মান বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এটা ছাত্ৰ নিবাসৰ ভিতৰতে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ সদ্যসমাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰা এজন প্ৰাৰ্থীৰ দ্বাৰা আক্ৰমণ কৰা হৈছে বুলি আক্ৰমণৰ বলি হোৱা মনোহৰ পেগুৱে উল্লেখ কৰিছে৷

গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি নিৰ্বাচনত কাক ভোটদান কৰিছে বুলি প্ৰশ্ন কৰি প্ৰহাৰ কৰিছে৷ প্ৰাণৰ মমতাত ৰাতিয়ে ছাত্ৰজনে অন্য এটা ছাত্ৰ নিবাসলৈ পলাই আহিব লগা হয় বুলি জানিবলৈ দিয়ে ৷

আজি ৰাজনীতি বিজ্ঞান বিভাগৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে উক্ত ঘটনাৰ প্ৰতিবাদত, দোষীক শাস্তি প্ৰদানৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰসমাজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,657 other subscribers

Leave a comment

Leave a Reply