তেজপুৰ বিশ্ববিদ্যালয়ৰ আৱাস খালী কৰাৰ নিৰ্দেশ

ক’ৰ’নাৰ আতংকই ক্ৰমান্বয়ে ভয়াবহ পৰিপ্ৰেক্ষিততে তেজপুৰ বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই বিশ্ব বিদ্যালয় খনৰ শিক্ষাৰ্থীক আবাস খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

তেজপুৰ বিশ্ব বিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ ডীন প্ৰফেছৰ ডি ডেকাই জাৰি কৰা নিৰ্দেশনাত স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ লগতে পিএইছডি শিক্ষাৰ্থীসকলক বাদ দি আন শিক্ষাৰ্থীসকলে ২৩ এপ্ৰিলৰ ভিতৰত আবাস খালি কৰি দিব লাগিব।
শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামগ্ৰী আদি আবাসৰ কোনো সুৰক্ষিত স্থানত নিজৰ দায়িত্বত ৰাখিব পাৰিব।
নিৰ্দেশনাটোত কোৱা মতে,
শিক্ষাৰ্থীৰ কোনো সামগ্ৰীৰ ক্ষতি হ’লে বা হেৰালে তাৰ বাবে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষ দায়ী নহ’ব।
ইয়াৰ বিপৰীতে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে ২৯ এপ্ৰিল পৰ্যন্ত আবাসত থাকিব পাৰিব।

তেওঁলোকেও পৰীক্ষাৰ পিছত আবাস খালি কৰি দিব লাগিব।বিদেশৰ শিক্ষাৰ্থীসকলে পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে আবাসত থাকিব পাৰিব।
পিএইছডি শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো পৰৱৰ্তী সময়ত আবাস খালি কৰাৰ বিষয়ে জনোৱা হ’ব বুলি নিৰ্দেশনা খনত কোৱা হৈছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পৰীক্ষা বাতিল। ১৯,২০ এপ্ৰিলত হ’বলগীয়া পৰীক্ষা বাতিল। কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত। বাতিল হ’ব DUৰ অধীনস্থ সকলো মহাবিদ্যালয়ৰ পৰীক্ষা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,657 other subscribers

Leave a comment

Leave a Reply