kaziranga_national_park
প্ৰতিনিধিত্বমূলক ছবি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাণত প্ৰৱেশৰ ক্ষেত্ৰত ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে, ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

বোকাখাত মহকুমা প্ৰশাসনে এক নিৰ্দেশ যোগে সদৰী কৰা মতে উত্তৰ-পূবৰ ৰাজ্য কেইখনক বাদ দি বাহিৰৰ যিকোনো ৰাজ্যৰ পৰা অহা পৰ্যটকসকলে ক’ভিড পৰীক্ষা (আৰ এ টি) কৰাটো বাধ্যতামূলক।

অৱশ্য ৭২ ঘণ্টাৰ ভিতৰত পৰীক্ষা কৰোৱা নিগেটিভ ৰিপ’ৰ্ট থাকিলে তেওঁলোকে নতুনকৈ পৰীক্ষা কৰাব নালাগে।

আৰু পঢ়কঃ মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী

নগৰখনৰ সকলোবিলাক হোটেল, ল’জ, গে’ষ্ট হাউচ আৰু ৰেষ্টোৰাঁৰ মালিকসকলক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ পালন কৰিবলৈ কোৱা হৈছে।

কহৰা মডেল হস্পিতালখনক ক’ভিড-১৯ৰ পৰীক্ষা কেন্দ্ৰ হিচাপে ঠিক কৰা হৈছে, ইয়াত পৰ্যটকসকলে পৰীক্ষা কৰাব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply